মহানগৰীৰ সাতগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত : গুণ্ডাবাহিনীৰ আতংকত নিৰাপত্তাহীনতা ভুগিছে এটি পৰিয়াল

মহানগৰীৰ সাতগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত : গুণ্ডাবাহিনীৰ আতংকত নিৰাপত্তাহীনতা ভুগিছে এটি পৰিয়াল
Published on
Updated on

ডিজিটেল ডেস্ক : মহানগৰীৰ মাজমজিয়াত গুণ্ডাবাহিনীৰ অতপালিয়ে আতংকিত কৰিছে সাতগাঁৱবাসীক। মহানগৰীৰ সমীপৰ সাতগাঁৱত সংঘটিত হৈছে ভূমিকেন্দ্ৰিক সংঘাতৰ। এটি পৰিয়ালৰ বাসগৃহত বলপূৰ্বকভাৱে ২০ জনীয়া গুণ্ডাবাহিনীয়ে প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰিলে ঘৰৰ আচবাব। তাৰোপৰি ঘৰৰ গৃহস্থকো শাৰিৰীকভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি সাতগাঁৱস্থিত ৰে’লআলিৰ এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাতৰ। অভিযোগ অনুসৰি সাতগাঁও অঞ্চলৰ ভৰত দাস নামৰ লোকজনৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলাই গোপাল মণ্ডল নাম লোকজনৰ ২০ জনীয়া গুণ্ডাবাহিনীয়ে।

এইগৰাকী গোপাল মণ্ডলৰ পোহনীয়া গুণ্ডাবাহিনী ভুক্তভোগী পৰিয়ালটোক ৰে’ল আলিৰ পৰা ঘৰৰ খালী কৰাৰ উপৰি শাৰীৰিকভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে উক্ত মাটিডোখৰত ভাড়াতীয়া হিচাপে বাস কৰি আছে ভৰত দাসৰ পৰিয়ালে। জানিব পৰা মতে নিৰ্দিষ্ট মাটিডোখৰ হেনো গোপাল মণ্ডল নামৰ লোকজনৰ।

মাটিৰ মালিক গোপাল মণ্ডলে ভাৰত দাসৰ পৰিয়ালক বাৰম্বাৰ ঘৰ খালী কৰাৰ বাবে ভাবুকি দি আহিছিল। কিন্তু আজি পৰ্যন্ত ঘৰ খালী নকৰাত খঙত অগ্নিশৰ্মা হৈ পৰিয়ালটোৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলাই বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰি পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে গুণ্ডাবাহিনীয়ে। এতিয়া এই ঘটনাকলৈ আতংকিত হৈ পৰিছে ভুক্তভোগী পৰিয়ালটো। আন এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই ভূমিডোখৰৰ গৰাকী গোপাল মণ্ডলে বহুদিন পূৰ্বে প্ৰায় ১৭ লাখ ৫০ টকাৰ বিনিময়ত মাটিডোখৰৰ এটা অংশ বিক্ৰী কৰি দিছিল ভৰত দাসৰ পৰিয়ালক।

অভিযোগ অনুসৰি টকা লোৱাৰ পিছতো মাটি বিক্ৰী নকৰাৰ সিদ্ধান্তত আঁকোৰগোজ গোপাল মণ্ডল। গোপালে ভয়-ভাবুকি দেখুৱাই ভাৰত দাস তথা পৰিয়ালটোক ঘৰ খালী কৰি খেদি পঠিওৱাৰ বাবে উঠি-পৰি লাগিছে বুলি জানিব পৰা গৈছে। যাৰ ফলত আতংকিত ভৰত দাসৰ পৰিয়ালে জীৱনৰ নিৰাপত্তাহীনতাত ভোগা বুলি জানিবলৈ দিয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সাতগাঁও আৰক্ষী থানাৰ পৰা কেইমিটাৰ মান নিলগৰ এই ঠাইডোখৰত এইধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে।   

মহানগৰীৰ সাতগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত : গুণ্ডাবাহিনীৰ আতংকত নিৰাপত্তাহীনতা ভুগিছে এটি পৰিয়াল
বিশিষ্ট আলোকচিত্ৰ শিল্পী-সাংবাদিক লুইত চলিহা আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in