প্ৰয়াত প্ৰগতিশীল চিন্তাবিদ অৱনী বৰঠাকুৰৰ ৰাজহুৱা স্মৃতিচাৰন সভাৰ আয়োজন...

২৪ আগষ্টৰ বিয়লি অসম সাহিত্য সভাৰ "জয়ন্ত কুমাৰ - লখিমী বৰুৱা সদন"( প্রথম মহলা ) প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই সভা
প্ৰয়াত প্ৰগতিশীল চিন্তাবিদ অৱনী বৰঠাকুৰৰ ৰাজহুৱা স্মৃতিচাৰন সভাৰ আয়োজন...
প্ৰয়াত প্ৰগতিশীল চিন্তাবিদ অৱনী বৰঠাকুৰৰ ৰাজহুৱা স্মৃতিচাৰন সভাৰ আয়োজন...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ 'জনমত'ৰ উদ্যোগত প্ৰয়াত বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰৰ সোঁৱৰণত গুৱাহাটীত এক ৰাজহুৱা স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। যোৱা ২৩ জুলাইত মহাপ্ৰয়ান ঘটা অসমৰ বাওঁপন্থী আন্দোলনৰ এগৰাকী পুৰোধা ব্যক্তি, বিশিষ্ট প্ৰগতিশীল চিন্তাবিদ, নাজিৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অৱনী বৰঠাকুৰৰ সোঁৱৰণত এই স্মৃতিচাৰণ সভাখন অসম সাহিত্য সভাৰ "জয়ন্ত কুমাৰ - লখিমী বৰুৱা সদন"( প্রথম মহলা ) প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব।

গুৱাহাটীস্থিত 'জনমত' নামৰ অনুষ্ঠানটোৰ উদ্যোগত ২৪ আগষ্টত আবেলি তিনি বজাত অনুষ্ঠিত হব লগা এই অনুষ্ঠানত অসমৰ ৰাজনৈতিক, বৌদ্ধিক, শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰলৈ তেওঁ আগবঢ়াই থৈ যোৱা অসামান্য অৱদানক স্মৰণ কৰা হ'ব।

এই অনুষ্ঠানত ৰাজ্যখনৰ ভালেকেইজন বৰেণ্য ৰাজনীতিবিদ, চিন্তাবিদ আৰু বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰিব। ‘জনমত'ৰ হৈ দিগন্ত ৰাজখোৱা, জয়ন্ত গগৈ, কৃষ্ণ গগৈ, ড৹ বিজয় কৃষ্ণ চেতিয়া, ৰাহুল শেনচোৱা, সুব্ৰত তালুকদাৰ, কিশোৰ কুমাৰ কলিতাই সহৃদয় ৰাইজক নিমন্ত্ৰন জনাইছে।

প্ৰয়াত প্ৰগতিশীল চিন্তাবিদ অৱনী বৰঠাকুৰৰ ৰাজহুৱা স্মৃতিচাৰন সভাৰ আয়োজন...
'নিৰ্দিষ্ট একাংশ মানুহে অসমীয়াক বাৰে বাৰে আক্ৰমণ কৰিছে, নিৰ্যাতন চলাইছে’- পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in