মহানগৰীত ভাৰতীয় জীৱন বীমা নিগম গুৱাহাটী সংমণ্ডলৰ পেনচনাৰ পুনৰ মিলন সভা

মহানগৰীত ভাৰতীয় জীৱন বীমা নিগম গুৱাহাটী সংমণ্ডলৰ পেনচনাৰ পুনৰ মিলন সভা
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটীঃ এল আই চি পেনচনাৰ সমিতি, গুৱাহাটী ডিভিজনৰ উদ্যোগত শুকুৰবাৰে পানবজাৰৰ বিএচএনএল ভৱনত ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী সংমণ্ডলৰ পেনচনাৰসকলৰ পুনৰ মিলন সভা অনুষ্ঠিত হয়। গুৱাহাটী সংমণ্ডলৰ সকলো অ়ঞ্চলৰ পৰা ১৩৫ গৰাকী পেনচনাৰ আৰু পৰিয়াল পেনচনাৰ সমবেত হয়।

দীনেশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বক্তব্য ৰাখে সদৌ ভাৰত বীমা পেনচনাৰ সমিতিৰ সভাপতি শতঞ্জীৱ দাসে। এল আই চি পেনচনাৰৰ বিভিন্ন সমস্যা যেনে ৩০% সমহাৰত পৰিয়াল পেনচন প্ৰদান, পেনচন উন্নীতকৰণ আৰু সামগ্ৰীক ভাবে পেনচনৰ সুৰক্ষা আদি বিষয় দাসৰ বক্তব্যই সামৰি লয়। ভাষণ প্ৰসঙ্গত তেওঁ দুই আগষ্টত ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগত হোৱা আলোচনাৰ সবিশেষো দাঙি ধৰে।

এই অনুষ্ঠানত ৭৫ বছৰৰ উৰ্দ্ধৰ পেনচনাৰসকলক এখনি ফুলাম গামোচা আৰু এটি গোলাপ কলিৰে সম্বৰ্দ্ধনা জনোৱা হয়। দীৰ্ঘ বিৰতিৰ পিছত পুনৰ মিলন সভাত মিলিত হৈ পেনচনাৰসকল আৱেগিক হৈ পৰে। এই অনুষ্ঠানত ঘন ডেকা, জে চেংৰা দৈমাৰী, মুকুল কুমাৰ দাস, দীপেন কাকতি আৰু আনন্দ দাসে গীত পৰিবেশন কৰি পৰিৱেশ জীপাল কৰি তোলে।

এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে সাধাৰণ সম্পাদক বিনোদ ৰঞ্জন কলিতাক সমবেত সকলোৱে ধন্যবাদ দিয়ে। ৮৯ বছৰ বয়সতো এই সভাত যোগ দি নিত্য বৰাই অনুষ্ঠানটোৰ সৌষ্ঠভ বৃদ্ধি কৰে।

মহানগৰীত ভাৰতীয় জীৱন বীমা নিগম গুৱাহাটী সংমণ্ডলৰ পেনচনাৰ পুনৰ মিলন সভা
হাওৰাঘাটৰ উত্তৰ বৰবিল সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in