গুৱাহাটীৰ লায়ন্স ক্লাবৰ অনচাং হিৰোজ বঁটা প্ৰদান...

গুৱাহাটীৰ লায়ন্স ক্লাবৰ অনচাং হিৰোজ বঁটা প্ৰদান...
গুৱাহাটীৰ লায়ন্স ক্লাবৰ অনচাং হিৰোজ বঁটা প্ৰদান...
Published on
Updated on

ডিজিটেল ডেস্কঃ ২৩ জুন দেওবাৰে লোহিয়া লায়ন্স গুৱাহাটী প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গুৱাহাটীৰ লায়ন্স ক্লাবে অনচাং হিৰোজ বঁটা প্ৰদান কৰে। য'ত মধুমেহ ৰোগীৰ ভৰিৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ সুধীৰ জৈনক পুৰুষৰ শাখাত প্ৰথম পুৰস্কাৰ আৰু কৰ্কট ৰোগৰ সজাগতাৰ বাবে হিলা শাখাত ডাঃ জয়ন্তীমালা চক্ৰৱৰ্তীক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হয়।

নেত্ৰদান, ৰক্তদান আৰু মৃতদেহ দাহত সহযোগিতা আগবঢ়োৱাৰ বাবে পুৰুষ শাখাত দ্বিতীয় পুৰস্কাৰ লাভ কৰে শ্ৰী বজৰং সুৰনা আৰু ফাটি যোৱা ওঁঠৰ তালুৰ ৰোগী আৰু জুয়ে পোৰা আঘাতৰ বাবে প্ৰাথমিক চিকিৎসাৰ বিষয়ে সজাগতা আগবঢ়োৱাৰ বাবে মহিলা শাখাত ড° সীমা ৰেখা দেৱীক দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰা হয়।

ক্লাবে লাভ কৰা ৩০ খন আবেদনৰ পৰা জুৰীয়ে ওপৰৰ চাৰিজন ব্যক্তিক নিৰ্বাচন কৰিছিল। প্ৰথম বিভাগৰ বিজয়ীক ৫১,০০০ টকাকৈ আৰু দ্বিতীয় বিভাগৰ বিজয়ীক ২১,০০০ টকাকৈ নগদ পুৰস্কাৰ আৰু ট্ৰফী প্ৰদান কৰা হয়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাগ নিউজৰ চি এম ডি ড০ সঞ্জীৱ নাৰায়ণ আৰু বিশিষ্ঠ অতিথি হিচাপে নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ যোশী।

অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় বন্তি প্ৰজ্জ্বলনেৰে। বন্তি প্ৰজ্জ্বলন কৰে মুখ্য অতিথি , ক্লাবৰ সভাপতি অজয় পোদ্দাৰ, সম্পাদক ৰাজেশ ভূট, কোষাধ্যক্ষ ৰাজেশ কেদিয়া, প্ৰাক্তন জিলা গৱৰ্ণৰ ডি পি বাজাজ আৰু এল এন আগৰৱাল, ভিডিজি ১ পংকজ পোদ্দাৰ, ভিডিজি ২ মনোজ ভজন্কা, চিকিৎসালয়ৰ অধ্যক্ষ লায়ন প্ৰকাশ ছিকাৰিয়া, উপ-সভাপতি মহেশ শৰ্মা।

অনুষ্ঠানটোত আজাকা হেণ্ডলুমে নিজৰ সদস্য সকলৰদ্বাৰা এখনি ফেশ্বন শ্ব’ৰ আয়োজন কৰে য'ত অসমৰ হেণ্ডলুম শাৰী, মেখেলা চাদৰৰ কলা প্ৰদৰ্শন কৰা হয় । ক্লাবৰ সদস্যসকলে বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে বঁটা বিজয়ীসকলক চিনাকি কৰাই দিয়ে সুনীল আগৰৱাল, নীৰু ছেঠী, আনন্দ আয়েৰ আৰু দৃষ্টি পোদ্দাৰে। অনুষ্ঠানত লায়ন্স ক্লাব অৱ গুৱাহাটী উমংগ লায়নেছৰ সভানেত্ৰী কাঞ্চন পোদ্দাৰকে ধৰি ক্লাবৰ আন আন সদস্যও উপস্থিত থাকে ।

গুৱাহাটীৰ লায়ন্স ক্লাবৰ অনচাং হিৰোজ বঁটা প্ৰদান...
দিছপুৰ, দিল্লীক কামৰূপৰ নৃপতি পৃথুক উচিত সন্মান প্ৰদানৰ দাবী পি পি এফ এৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in