ব্যক্তিগত, দলীয় স্বাৰ্থত উৰ্ধত গৈ আমি সিদ্ধান্ত ল'ব লাগিব- লুৰিণজ্যোতি গগৈ...

ব্যক্তিগত, দলীয় স্বাৰ্থত উৰ্ধত গৈ আমি সিদ্ধান্ত ল'ব লাগিব- লুৰিণজ্যোতি গগৈ...

author-image
Asomiya Pratidin
New Update
এক অসম যাত্ৰাঃ চৰাইদেউত উপস্থিত অসম জাতীয় পৰিষদৰ নেতৃত্ব...

ব্যক্তিগত, দলীয় স্বাৰ্থত উৰ্ধত গৈ আমি সিদ্ধান্ত ল'ব লাগিব- লুৰিণজ্যোতি গগৈ...

ডিজিটেল ডেস্কঃ ''বিজেপিক পৰাভূত কৰাটোৱেই আমাৰ মূল উদ্দেশ্য। সেয়া আমাৰ লক্ষ্য। এই লক্ষ্য আমি সন্মুখত দেখি আছো। বাকী বিভিন্ন কথা লৈ অপপ্ৰচাৰ চলিছে। বিজেপিয়েও ষড়যন্ত্ৰ কৰি, বেলেগক ব্যৱহাৰ কৰি কাম কৰিবলৈ চেষ্টা কৰিছে। সেইবোৰে আমাক অকনমানো প্ৰভাৱিত কৰিব পৰা নাই, বিভ্ৰান্ত কৰিব পৰা নাই।''- এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ।

বৃহস্পতিবাৰে বিয়লি হোটেল লিলিত অনুষ্ঠিত হোৱা ৰাজ্যৰ ১২ টাকৈ ৰাজনৈতিক দলৰ বৈঠকত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈয়ে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তথা ৰণকৌশলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সাংবাদিকৰে হোৱা সাক্ষাতত তেওঁ কয়, আমাৰ মূল বিষয়টো এইটোৱেই যে, বিজেপিক পৰাভূত কৰিব লাগে। সকলো ব্যক্তিগত, দলীয় স্বাৰ্থৰ উৰ্ধত গৈ দেশখনক বচাবলৈ, অসমখনক বচাবলৈ সংকটৰ সময়ত সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব।

তেওঁ কয়, দুৰ্নীতি, স্বজন-তোষণত নিমজ্জিত এই চৰকাৰ। মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পত্নী, পুত্ৰ সকলোৱে এই সমাজখনক লুটি-পুতি খাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিকে ধৰি যিমানবোৰ মৌলিক সমস্যা আছে এই বোৰত জনসাধাৰণ ভাৰাক্ৰান্ত। ঋণৰ বুজা, কৰ-কাটল, বিদ্যুতৰ মাচুল, পেট্ৰ'ল, ডিজেটলৰ মূল্য বৃদ্ধি, ঘৰ বনোৱা সামগ্ৰী, ঔষধপাতিৰ মূল্য বৃদ্ধি এইবোৰত জনসাধাৰণ সৰ্বস্ৰান্ত।

'কেনেকৈ বিজেপি আৰু মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে উমৈহতীয়া বিৰোধীৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰোঁ, ৰাষ্ট্ৰীয় স্তৰত যি ৰাজনৈতিক সিদ্ধান্ত বা সহমতত উপনীত হৈছে সেই সিদ্ধান্তক অসমত আমি কিদৰে আগুৱাই নিব পাৰো সেই সন্দৰ্ভত আমি সিদ্ধান্ত লৈছো। সেয়েহে বিভিন্ন বিষয় আলোচনা, বিলোচনা হৈছে।'- তেওঁ কয়।

ইফালে শেহতীয়াকৈ কংগ্ৰেছৰ ১৪ টা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকা, অজাপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকা আদি প্ৰচাৰ হোৱাৰ সন্দৰ্ভত তেওঁ কয়, প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ লিষ্ট কেনেকৈ প্ৰচাৰ হ'ল, কোনে প্ৰাৰ্থীত্ব বিচাৰিছে এইবোৰ বিষয় নাইকিয়া কৰাৰ বিষয়ে আলোচনা হৈছে। এগৰাকী প্ৰাৰ্থীৰ জয়ী হোৱাৰ সম্ভাৱনা, তেওঁৰ ভাৱমূৰ্তি, তেওঁৰ শক্তি, সাংসদ হোৱাৰ যোগ্যতা, কাৰ সাংগঠনিক ভেঁটি ক'ত আছে, কেনেকৈ এগৰাকী প্ৰাৰ্থীক সকলোৱে সহায় কৰিব পাৰে সেই সন্দৰ্ভতো সিদ্ধান্ত লোৱা হৈছে।

ইফালে বিগত নিৰ্বাচনত হোৱা ভোট বিভাজনৰ সন্দৰ্ভত তেওঁ কয়, যোৱাৰৰ নিৰ্বাচনত বিজেপিয়ে ৩৭ শতাংশৰ পৰা ৩৮ শতাংশহে ভোট লাভ কৰিছিল। আমাৰ হাতত আছিল ৬২ শতাংশ বাকী। সেই ৬২ শতাংশ ভোট আমি কেনেকৈ ঐক্যবদ্ধ কৰি ৰাখিব পাৰো, কেনেকৈ যাতে তাৰ পৰা এটাও ভোট বিভাজিত নোহোৱাকৈ ধৰি ৰাখিব পাৰো সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ। বিজেপিয়ে দামী প্ৰাৰ্থীত্ব দিব, সাম্প্ৰদায়িক শক্তিক ব্যৱহাৰ কৰিব, ধৰ্মীয় মেৰু বিভাজনৰ চেষ্টা কৰিব। কিন্তু তাৰ মাজত আমি কেনেকৈ ওলাই যাম সেই ৰণকৌশল হে প্ৰস্তুত কৰিব লাগিব। তেতিয়াহে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। আজিৰ আলোচনাত এই বিষয়বোৰে স্থান লাভ কৰিছে।

ইফালে ৰাইজৰ দলে ২০২৪ ৰ লোকসভাত প্ৰাৰ্থীত্ব প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত লোৱাৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, অখিল গগৈয়ে তেওঁৰ পত্ৰৰ জৰিয়তে প্ৰস্তাৱ আকাৰে চূড়ান্ত ত্যাগৰ কথা অৱগত কৰিছে। প্ৰত্যেকে বুজি পাইছে। আমি যদি অহংকাৰ আৰু আমাৰ স্বাভিমানক প্ৰাধান্য দি থাকো তেন্তে আমি বিজেপিক পৰাভূত কৰিব নোৱাৰো। আমি বাস্তৱ কি সেয়া উপলব্ধি কৰিব লাগিব। আমি সেয়ে কৈছো দল আৰু ব্যক্তিৰ স্বাৰ্থৰ উৰ্ধলৈ অসমৰ মানুহৰ মুখলৈ চাই সিদ্ধান্ত ল'ব লাগিব।

আমি যদি ব্যক্তিগত স্বাৰ্থৰ কাৰণে, দলীয় স্বাৰ্থৰ কাৰণে, অহংকাৰত মত্ত হৈ সিদ্ধান্ত ল'বলৈ সিদ্ধান্ত লওঁ তেনে জনতাই যি বিচাৰিছে সেয়া আমি ক'ব নোৱাৰিম। তেনে পৰিস্থিতিত অসমৰ ৰাইজে আমাক ক্ষমা নকৰে। ৰাজনীতি আমি অসমৰ ৰাইজৰ বাবে কৰিছো। দেশৰ ভালৰ বাবে ৰাজনীতি কৰিছো।

অজাপৰ সভাপতিগৰাকীয়ে ডিব্ৰুগড় নে লখিমপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সেই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ পোনপটিয়াকৈ কোনো উত্তৰ নিদিলে যদিও অসমৰ সকলো প্ৰান্ততে দলটোৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত থকাৰ কথা উল্লেখ কৰে।

তেওঁ কয়, আমাৰ দলটোৱে অসমৰ সকলো প্ৰান্ততে সংগঠন কৰিবলৈ চেষ্টা কৰিছো। ডিব্ৰুগড়, লখিমপুৰকে ধৰি উজনি অসমৰ সমষ্টিবোৰত আমাৰ সংগঠনৰ গতিবিধি আৰু অধিক গতিশীল হৈছে। এনেও বিধানসভা নিৰ্বাচনৰ ফলাফল চালে দেখিব উজনি অসমত ১০ হাজাৰতকৈ কম ভোট পোৱা সমষ্টি বহু কম আছে। প্ৰায়বোৰ সমষ্টিতে ১০ হাজাৰৰ পৰা ৫৬ হাজাৰালৈকে ভোট আমি পাইছে। তাত আমাৰ সাংগঠনিক ভেঁটি ভাল। আমি আৰু বঢ়াবলৈ চেষ্টা কৰিছো। জাতীয়তাবাদী ৰাজনৈতিক ধাৰাটো প্ৰতিষ্ঠা কৰিবলৈ আমি গাঁঁৱে গাঁৱে, ঘৰে লৈ যাবলৈ চেষ্টা কৰিছো। সময় কম পাইছো। কিন্তু মানুহৰ যি সহযোগিতা লাভ কৰিছো সেয়া সঁচাকৈ প্ৰশংসনীয়।

Also Read: ৰাইজৰ দলে কৰিব চূড়ান্ত ত্যাগঃ প্ৰতিদ্বন্দিতা নকৰে লোকসভা নিৰ্বাচনত...

অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈ