'সাদিন প্ৰতিদিন'ৰ কাৰ্যালয়ত মনজিৎ মহন্তক শেষ শ্ৰদ্ধাঞ্জলি...

'সাদিন প্ৰতিদিন'ৰ কাৰ্যালয়ত মনজিৎ মহন্তক শেষ শ্ৰদ্ধাঞ্জলি...

author-image
Asomiya Pratidin
New Update
'সাদিন প্ৰতিদিন'ৰ কাৰ্যালয়ত মনজিৎ মহন্তক শেষ শ্ৰদ্ধাঞ্জলি...

'সাদিন প্ৰতিদিন'ৰ কাৰ্যালয়ত মনজিৎ মহন্তক শেষ শ্ৰদ্ধাঞ্জলি...

ডিজিটেল ডেস্কঃ'অসমীয়া প্ৰতিদিন'ৰ সৈতে জন্মলগ্নৰে পৰা জড়িত হৈ ১৯৯৯ চনৰ পৰা কাৰ্যবাহী সম্পাদক হিচাপে প্ৰায় এটা দশক কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ নশ্বৰ দেহ আজি দিনৰ প্ৰায় ১১ বজাত 'সাদিন প্ৰতিদিন'ৰ কাৰ্যালয়লৈ অনা হয়। 'সাদিন প্ৰতিদিন'ৰ কাৰ্যালয়ত প্ৰয়াত সাংবাদিক, ৰাজনৈতিক নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ দুগৰাকীকৈ প্ৰাক্তন সম্পাদক ক্ৰমে হাইদৰ হুছেইন, নিত্য বৰা। ইয়াৰোপৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে 'প্ৰতিদিন টাইম'ৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ সঞ্চালক ঋষি বৰুৱা, মহাপ্ৰৱন্ধক মৃণ্ময় দে, 'অসমীয়া প্ৰতিদিন'ৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, সহযোগী সম্পাদক প্ৰকাশ মহন্ত, কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাকে ধৰি 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদনা, ডিটিপি, বিজ্ঞাপন আদি সকলো বিভাগৰ সংবাদকৰ্মীসকল।

ইয়াৰোপৰি উপস্থিত থাকে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ সমূহ সংবাদ কৰ্মী। 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংবাদ কৰ্মীসকলে প্ৰয়াত মনজিৎ মহন্তলৈ ফুল, গামোচা আদিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এক মিনিত সময় মৌন প্ৰাৰ্থনা কৰি মহন্তৰ বিদেহ আত্মৰ সদগতি কামনা কৰে।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা 'অসমীয়া প্ৰতিদিন'ৰ একালৰ সম্পাদক হাইদৰ হুছেইনে মনজিৎ মহন্ত প্ৰসংগত কয়, ৰাধিকা মোহন ভাগৱতীৰ দৰে কীৰ্তিমান সম্পাদকৰ অধীনত কাম কৰি মনজিৎ মহন্তই ভাষাৰ ওপৰত আছিল যথেষ্ঠ দখল লাভ কৰিছিল। কাকতৰ আলংকৰিক আৰু কাৰিকৰী দিশত আছিল যথেষ্ঠ দক্ষতা।

তেওঁ কয়, মনজিৎ মহন্ত আৱেগিক আছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একেলগে ঘূৰিছো। সকলো সময়তে মনজিতে অসমৰ স্বাৰ্থৰ কথা ভাবিছিল। শেহতীয়াকৈ মনজিৎ মহন্তই ৰাষ্ট্ৰীয়তাবাদী দলৰ সৈতে জড়িত হৈছিল। কংগ্ৰেছৰ দলৰ নেতা হৈছিল। তথাপিও কিন্তু মনজিৎ মহন্ত প্ৰকৃততে জাতীয়তাবাদী শিবিৰৰ মানুহহে আছিল।

ইফালে মনজিৎ মহন্ত প্ৰসংগত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয়, মনজিৎ মহন্তৰ কিছু ব্যতিক্ৰমী সক্ষমতা আছিল। তেওঁ সুন্দৰভাৱে গধূৰ পৰিৱেশ এটাক পাতল কৰিব পাৰিছিল। শক্তিশালী ভাৱে যিকোনো প্ৰত্যাহ্বানৰ মুখামুখী হ'ব পাৰিছিল। সাহসেৰে যুঁজ দিব পাৰিছিল। অতি শৃংখলিত ভাৱে, সুন্দৰ হাতৰ আখৰেৰে বাতৰিৰ হেডলাইন লিখিব পাৰিছিল। সকলো বয়সৰ লোকৰ সৈতে মিলি যাব পাৰিছিল। মনজিৎ মহন্তৰ মৃত্যু ঘটনাই সকলোকে মৰ্মাহত কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

ইফালে সাদিন প্ৰতিদিনৰ কাৰ্যালয়ৰ পাছতে মনজিৎ মহন্তৰ নশ্বৰ দেহ গুৱাহাটী প্ৰেছ ক্লাৱলৈ লৈ যোৱা হয়। প্ৰেছ ক্লাৱত তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভানেত্ৰী সুস্মিতা গোস্বামী, জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা, মৃণাল তালুকদাৰ, নিউজ-১৮ অসমৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, দৈনিক জনমভূমি কাকাতৰ সঞ্জীৱ ফুকন, গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়কে ধৰি বহু জ্যেষ্ঠ, কনিষ্ঠ সংবাদিকে।

Also Read: জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে মনজিৎ মহন্তই...

মনজিৎ মহন্ত