ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ বিজেপি বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চ 'ইণ্ডিয়া' গঠন হোৱাৰ পিছত আম আদমি পাৰ্টী(আপ) ৰ ৰাজনৈতিক ব্যস্ততা পৰিলক্ষিত হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো নির্বাচনকেন্দ্রিক এই তৎপৰতা বাঢ়িছে।
অসমত বিৰোধী ৰাজনৈতিক দলসমূহৰ উমৈহতীয়া কুছ কাৱাজৰ সমান্তৰালভাৱে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰ্দেশ মৰ্মে দলটোৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক সন্দীপ পাঠকে অসমৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীকে প্ৰমুখ্যে কৰি দলটোৰ উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ সভাপতি সকলক অহা ১৪ অক্টোবৰ তাৰিখে দিল্লীলৈ জৰুৰীভাৱে মাতি পঠিয়োৱা হৈছে।
এই আমন্ত্ৰণ মৰ্মে ভবেন চৌধুৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া দিল্লীলৈ ৰাওনা হ'ব। অসমত 'আপ' ৰ সাংগঠনিক সক্ৰিয়তাৰ পিছত ১৪ অক্টোবৰত হ'বলগীয়া এই নির্বাচনকেন্দ্রিক আলোচনা অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উক্ত বৈঠকতে আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ পৰা দলে প্রতিদ্বন্দিতাৰ বাবে ইণ্ডিয়া' মৰ্চাৰ ওচৰত দাবী উত্থাপন কৰিবলগীয়া আসনৰ সংখ্যাৰ সন্দৰ্ভত আলোচনা কৰা হ'ব।
বিশেষ সূত্রেযোগে প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত আলোচনা কালত অসমত দলটোৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ বিষয়ে আলোচনা কৰাৰ লগতে অহা নৱেম্বৰত মাহত দলটোৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণৰ সন্দৰ্ভতো আলোচনা কৰা হ'ব।
Also Read: ভাৰতৰ ম'ষ্ট ৱাণ্টেড শ্বাহীদ লটিফক পাকিস্তানত গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ