গুৱাহাটীত আকৌ বাঢ়িল গাখীৰৰ মূল্য...

পাইকাৰী আৰু খুচুৰা মূল্যত বৃদ্ধি হ'ল ৩ টকা
গুৱাহাটীত আকৌ বাঢ়িল গাখীৰৰ মূল্য...
গুৱাহাটীত আকৌ বাঢ়িল গাখীৰৰ মূল্য...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত এতিয়া সাধাৰণ ৰাইজৰ বাবে গাখীৰ মানেই বিলাসিতা। যোৱা জুন, জুলাই মাহত গাখীৰৰ মূল্য বৃদ্ধি পোৱাৰ পিছত অহা ১ ছেপ্টম্বৰৰ পৰা পুনৰ গাখীৰৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত হৈছে।

গুৱাহাটী মহনাগৰীত পুনৰ গাখীৰৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত আজি এক সংবাদ মেল সম্বোধন কৰে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই। এই সংস্থাই ১ ছেপ্টেম্বৰৰ পৰা গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ বিষয়ে অৱগত কৰিছে।

আজি সংবাদ মেলত দুগ্ধ ব্যৱসায়ী সংস্থাৰ বিষয়ববীয়াই জনোৱা অনুসৰি অহা ১ ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্যত ৩ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ফলত ১ ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰ সাধাৰণ ৰাইজে ৬৭ টকা দৰত ক্ৰয় কৰিব লাগিব।

সংস্থাই বৰ্তমান ৬১.৪০ টকা পাইকাৰী মূল্যত গাখীৰ বিক্ৰী কৰি আহিছে। এই পাইকাৰী মূল্য ৩ টকা বৃদ্ধি কৰা হৈছে। ফলত ১ ছেপ্টেম্বৰৰ পৰা পাইকাৰী মূল্য হ'বগৈ ৬৪.৪০ টকা। সেয়ে খুচুৰা বিক্ৰীৰ ক্ষেত্ৰতো ৩ টকাকৈ বৃদ্ধি নিশ্চিত হৈছে।

এই সন্দৰ্ভত নেপালী মন্দিৰত অনুষ্ঠিত কৰা এক সংবাদ মেলত সংস্থাৰ এগৰাকী বিষয়ববীয়াই কয়, আমি হোটেল ব্যৱসায়ীসকলক ৬১.৪০ টকা দৰত গাখীৰ বিক্ৰী কৰি আহিছিলো। অহা ১ ছেপ্টেম্বৰৰ পৰা আমি পাইকাৰী মূল্য ৩ টকা বৃদ্ধি কৰি ৬৪.৪০ টকাকৈ বিক্ৰীৰ কৰাৰ সিদ্ধান্ত লৈছো। তেওঁলোকে আমাক সহযোগ কৰিব বুলি আশা কৰিছো। খুচুৰা ব্যৱসায়ীৰ ক্ষেত্ৰতো আমি ৩ টকা বৃদ্ধি কৰি ৬৭ টকা কৰিছো। ৰাইজেও আমাক সহায়, সহযোগ কৰিব বুলি আশা কৰিছো।

ইয়াৰোপৰি তেওঁলোকে কয়, আমি ৰাইজক আহ্বান জনাইছো কোনো ব্যৱসায়ীয়ে বিভিন্ন কাৰণ দেখুৱাই ৬৭ টকাতকৈ অধিক মূল্য বিচাৰিব পাৰে। আপোনালোকে ৬৭ টকাতকৈ এক পইচাও অধিক নিদিব। এই ক্ষেত্ৰত প্ৰশাসনক কঠোৰ দৃষ্টি ৰাখিবলৈয়ো আহ্বান জনাইছো। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যোৱা জুন আৰু জুলাই মাহত গুৱাহাটীত বৃহত্তৰ গুৱাহাটী দুগ্ধ উৎপাদক সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল।

গুৱাহাটীত আকৌ বাঢ়িল গাখীৰৰ মূল্য...
''২০২৬ ত গঢ়িম অহংকাৰ মুক্ত, প্ৰগতিশীল অসম''- গৌৰৱ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in