মৎস্য বিতৰ্ক ! দল, সংগঠন, মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ এণ্ট্ৰী মীন মন্ত্ৰীৰ...

অসম বিধানসভাৰ চৌহদত ন্যস্ত স্বাৰ্থ জড়িত লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱাৰ হুংকাৰ
মৎস্য বিতৰ্ক ! দল, সংগঠন, মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ এণ্ট্ৰী মীন মন্ত্ৰীৰ...
মৎস্য বিতৰ্ক ! দল, সংগঠন, মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ এণ্ট্ৰী মীন মন্ত্ৰীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ মধ্য অসমৰ মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ অনিৰ্দিষ্টকাললৈ মাছৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছৰে পৰা ৰাজ্যত মাছক লৈ সৃষ্টি হৈছে আন এক বিতৰ্কিত পৰিবেশ। অসমৰ মাছৰ বজাৰখন মিঞাৰ দখলত আছে বুলি দাবী কৰি একাংশই উজনি অসমত চলা 'মিঞা হাটাও' অভিযানৰ বিৰোধিতাৰে উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল।

ইয়াৰ পিছতে উজনি অসমৰ বিভিন্ন দল, সংগঠনেও মিঞাৰ মাছ নাখাও বুলি কৈ উজনি অসম মাছৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠিব বুলিও উল্লেখ কৰিছিল। আনকি এই সিদ্ধান্তক বহুতেই ৰাজহুৱাকৈ আদৰণিও জনোৱা পৰিলক্ষিত হৈছিল।

'মিঞা বিৰোধী' অভিযানৰ মাজতে চলি থকা এনে বাক-বিতণ্ডাৰ মাজত অতি স্বাভাৱিক ভাৱে জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও। মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত এই বিষয়টোৰ সন্দৰ্ভত মঙ্গলবাৰে কৈছিল উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰিলে অন্ধ্ৰ প্ৰদেশৰ পৰা মাছ অনা হ’ব। উজনিলৈ নামনিৰ মিঞা যাব নালাগে।

মুখ্যমন্ত্ৰীৰ এনে স্থিতিৰ বিপৰীতে আজি ৰাজ্যৰ মীন মন্ত্ৰীয়ে উজনি অসমলৈ মাছৰ যোগান কোনেও বন্ধ কৰিব নোৱাৰে বুলিহে মন্তব্য কৰিছে। মীন মন্ত্ৰী কেশৱ মহন্তই আজি অসম বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত কয়, আমি উজনিলৈ মাছ যোগান ধৰাৰ ব্যৱস্থা কৰিম। উজনিলৈ কোনো কাৰণতে মাছ পঠিওৱা বন্ধ নহয়।

তাৰোপৰি তেওঁ কয়, ন্যস্ত স্বাৰ্থ জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উজনি অসমলৈ মাছ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যিসকলে বাধা প্ৰদান কৰে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কেশৱ মহন্তই উল্লেখ কৰিছে।

উল্লেখ্য যে, শেহতীয়াকৈ উজনি অসমত বহিৰাগতৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ গঢ়লৈ উঠিছিল। শিৱসাগৰত এগৰাকী কিশোৰীক বহিৰাগত ব্যৱসায়ীয়ে প্ৰহাৰ কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ হোৱাৰ লগতে বহিৰাগতক শিৱসাগৰ এৰিবলৈয়ো দাবী উত্থাপন হৈছিল।

বহিৰাগতৰ বিৰুদ্ধে চলি থকা এই প্ৰতিবাদৰ মাজতে নগাওঁ জিলাৰ ধিঙত এগৰাকী কিশোৰী ছাত্ৰীক তিনি যুৱকে দলবদ্ধভাৱে যৌন নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ অহাত এই বহিৰাগত বিৰোধী প্ৰতিবাদে 'মিঞা হাটাও' অভিযানৰ ৰূপ ধাৰণ কৰে। শিৱসাগৰকে ধৰি উজনিৰ একাধিক অঞ্চলত কৰ্মৰত ৰৈ থকা মিঞা লোকসকলক শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিয়ে।

এনে পৰিস্থিতিতে নগাওঁ জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই অসমৰ মাছৰ বজাৰখন মিঞাৰ দখলত থকা বুলি উল্লেখ কৰি উজনি অসমলৈ মাছ যোগান নধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।  

মৎস্য বিতৰ্ক ! দল, সংগঠন, মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ এণ্ট্ৰী মীন মন্ত্ৰীৰ...
কিয় CBI য়ে এতিয়াও গ্ৰেপ্তাৰ কৰা নাই সন্দীপ ঘোষক? মমতা, অভিষেকৰ সমালোচনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in