সন্মুখত জি-২০, দুৰ্বৃত্তই নিলে সৌন্দৰ্যবৰ্ধকৰ সামগ্ৰী...

author-image
Asomiya Pratidin
New Update
সন্মুখত জি-২০, দুৰ্বৃত্তই নিলে সৌন্দৰ্যবৰ্ধকৰ সামগ্ৰী...

ডিজিটেল ডেস্ক : সন্মুখত জি-২০ । ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব জি-২০ৰ সন্মিলন । আনহাতে ২ ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হ'ব এই সন্মিলনৰ কাৰ্যসূচী ।মাজত মাথো কেইটামান দিন । তেনে অৱস্থাতেই গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰৰ নিৰ্মীয়মান অৱস্থাত থকা সৌন্দৰ্যবৰ্ধক সামগ্ৰীসমূহ কোনো দুৰ্বৃত্তৰ দলে চুৰ কৰি নিলে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ।

এই সামগ্ৰী সমূহৰ ভিতৰত আছিল বাঁহৰ লেম্পচাকি, এল ই ডি লাইট আৰু বহু তাঁৰ । দুৰ্বৃত্তৰ দলটোৱে লেম্পচাকি আৰু এল ই ডি লাইট সমূহ চুৰ কৰি নিয়াৰ ওপৰিও তাঁৰ সমূহ কাটি লৈ যায় । আনহাতে, ভেজা দিবলৈ থোৱা বাঁহবোৰো ভঙা অৱস্থাত পুৱা প্ৰত্যক্ষ কৰে নিৰ্মানকাৰী দলটোৱে ।

জি-২০ৰ বাবে সজাই পৰাই তোলা হৈছে অসমক । বহু সময়ত ইয়াৰ সমালোচনাও হৈছে, বহু সময়ত প্ৰশংসাও । কিন্তু সন্মিলনৰ পূৰ্বে এনে ধৰণৰ ঘটনা নিশ্চয়কৈ কাম্য নহয় । দেশ বিদেশৰ অজস্ৰ প্ৰতিনিধিৰ সন্মুখত দুৰ্বৃত্ত এদলৰ বাবে সমগ্ৰ ৰাজ্যখনে লাজ পাব লগীয়া অৱস্থা হোৱাটো কোনেও নিবিচাৰে ।

উল্লেখযোগ্য যে, দীঘলী পুখুৰীৰ সমীপত দিনটোৰ যিকোনো সময়ত প্ৰত্যক্ষ কৰা হয় আৰক্ষী-অৰ্ধ সমাৰিক বাহিনীৰ তালাচী অথবা মোতায়েন । তেনেস্থলত নিশা হ'লেই কিদৰে সংঘটিত হ'ব পাৰে এনে ঘটনা ? এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীৰ কৰ্তব্যপৰায়ণতাক লৈও ।

আৰু পঢ়ক : কোকৰাঝাৰত অসম গাঁৱৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱস

G-20