'সংগ্ৰাম লগ্নে আজি' শীৰ্ষক সুদক্ষিণা শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন

'সংগ্ৰাম লগ্নে আজি' শীৰ্ষক সুদক্ষিণা শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন
Published on
Updated on

ডিজিটেল ডেস্ক : গণশিল্পী সুদক্ষিণা শৰ্মাৰ গীতেৰে শ্ৰদ্ধা জনাবলৈ আয়োজন কৰা হৈছে এক অনুষ্ঠানৰ। 'সংগ্ৰাম লগ্নে আজি' শীৰ্ষক এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব ৩ আগষ্টত।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত সন্ধিয়া ৫-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত সুদক্ষিণা শৰ্মাৰ গীতেৰে সোঁৱৰণ কৰিব ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে। অনুষ্ঠানৰ সংগীত ব্যৱস্থাপনা ৰমেন চৌধুৰীৰ আৰু বাদ্য যন্ত্ৰৰ ব্যৱস্থাপনা স্বৰাঞ্জলিৰ।

এই অনুষ্ঠানত গীত পৰিবেশন কৰিব পুলক বেনাৰ্জী,মনিষা হাজৰিকা,সমৰ হাজৰিকা,জিতুল সোণোৱাল,বিদ্যাসাগৰ,কুমাৰ দীপক দাস,জয় প্ৰকাশ মেধী,তৰালি শৰ্মা,গায়ত্ৰী হাজৰিকা,ৰূপম ভূঞা,জবা চক্ৰৱৰ্তী,তৃণ শৰ্মা,ৰুবুল কলিতা,তৃষ্ণা দেৱী,মনদ্বীপ মহন্ত,নাহিদ আফ্ৰিন,বিৰিণা পাঠক,অঞ্জনাময়ী আৰু মৃদুল বৰুৱাই। নাট কথাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত সহযোগ কৰিব গুৱাহাটী আৰ্টিষ্ট গীল্ড,স্বৰাঞ্জলি,দেৱগান্ধাৰ,ব্যতিক্রম মাছডো আদিয়ে।

'সংগ্ৰাম লগ্নে আজি' শীৰ্ষক সুদক্ষিণা শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন
চিতা বাঘৰ অকাল মৃত্যু : সহজভাৱে লোৱা নাই উচ্চতম ন্যায়ালয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in