শ্ৰীমন্ত শংকৰদেৱ বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

শ্ৰীমন্ত শংকৰদেৱ বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ডিজিটেল ডেস্কঃ অহা ৪ আৰু ৫ জানুৱাৰী, ২০২৪ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী ৰূপনগৰ চৌহদত শংকৰদেৱ অধ্যয়ন বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু অসম সাহিত্য সভাৰ সহযোগত "পৰিৱৰ্তিত সমাজৰ দৃষ্টিৰে শংকৰদেৱ" বিষয়ক এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আয়োজন কৰা হৈছে।

উপবিষয় সমূহৰ কিছুমান হৈছে- একশৰণ নামধৰ্ম, বৰগীত, নাট আৰু ভাওনা, শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ আৰু তাৎপৰ্য, সংহতি আধাৰিত সত্ৰ, শংকৰদেৱৰ দৰ্শন আৰু চৰ্চা, তদানিন্তন জাতিগত সংহতি আৰু বৰ্তমান, ব্য়ৱহাৰিক বস্তুকলা, নৃত্য, শংকৰদেৱৰ দৰ্শন আধাৰিত সংগঠন, নামঘৰ/প্ৰাৰ্থনাগৃহ, অনুবাদক শংকৰদেৱ, ভাওনাত ব্যৱহৃত বাদ্যযন্ত্ৰ আৰু আহাৰ্য্য, বৰগীতৰ ৰাগ আৰু অন্যান্য উপাদান, শংকৰদেৱৰ ভাষা, শংকাৰদেৱ আৰু সমসাময়িক ভাৰতীয় সন্ত কবিসকল, শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্ম আৰু বিশ্বৰ আন আন ধৰ্ম, গুৰু চৰিত পুথিত অসমৰ মধ্যযুগ, বৰ্তমান সমাজত শংকৰদেৱৰ বহুমুখী চৰ্চা ইত্যাদি।

উক্ত আলোচনা চক্ৰৰ লগত সংগতি ৰাখি সংক্ষিপ্তসাৰ (এৱষ্ট্ৰাক) পত্ৰ আৰু গৱেষণা পত্ৰ প্ৰেৰণৰ বাবে আহ্বান জনাইছে আয়োজক সমিতিয়ে। সংক্ষিপ্তসাৰ (এৱষ্ট্ৰাক) পত্ৰ গ্ৰহণৰ অন্তিম তাৰিখ ১০ নৱেম্বৰ,২৩ আৰু গৱেষণা পত্ৰ গ্ৰহণৰ অন্তিম তাৰিখ ১১ ডিচেম্বৰ,২৩।

অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পত্ৰসমূহ গ্ৰহণ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে pritideka491@gmail.com ত অসমীয়া মাধ্যমৰ প্ৰত্ৰসমূহ আৰু sdaadhora@yahoo.com ত ইংৰাজী মাধ্যমৰ পত্ৰসমূহ পঠিয়াব পাৰিব। সবিশেষ তথ্যৰ বাবে ৮৬৩৮৯১১৯৩২ নম্বৰত যোগাযোগ কৰিবলৈ বিভাগীয় প্ৰধান ড০ নিৰঞ্জন কলিতাই জনায়।

Also Read: 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বাতৰিৰ প্ৰভাৱ : কাৰপুংপুলি বিদ্যালয়ত যোগদান শিক্ষয়িত্ৰীৰ

শ্ৰীমন্ত শংকৰদেৱ