ডিজিটেল সংবাদ, গুৱাহাটী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাজ গ্ৰুপ আৰু হায়াট্ গ্ৰুপৰ সৈতে অসম চৰকাৰে পঞ্চতাৰকা হোটেল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ এদিন পাছতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। এইক্ষেত্ৰত সন্তুষ্টি ব্যক্ত কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।
সেউজ ন্যায়াধিকৰণৰ পদক্ষেপক আদৰণি জনাই আপৰ নেতাগৰাকীয়ে কয়, " মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিলাসী হোটেল নিৰ্মাণৰ সিদ্ধান্ত যে কাজিৰঙাৰ সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ সেই কথা আজি স্পষ্ট হ'ল। মুখ্যমন্ত্ৰী গৰাকীয়ে একাংশ বনিয়া তথা পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থত কাম কৰিবলৈ গৈ অসমৰ বৃহত্তৰ স্বাৰ্থক উপেক্ষা কৰিছে। "
উল্লেখ্য যে কাজিৰঙাৰ চাৰিসীমাৰ ভিতৰত বৃহৎ নিৰ্মাণ কাৰ্যই অভয়াৰণ্যৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদা হেৰুওৱাৰ শংকাও প্ৰকাশ কৰি ইতিপূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আপৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ সুৰক্ষাৰ স্বাৰ্থতে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাইছিল।
ইতিমধ্যে কাজিৰঙাত হোটেল নিৰ্মাণৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম, এমালগেমেটেড প্লেন্টেচন প্ৰাইভেট লিমিটেড আৰু ভাৰতীয় হোটেল কোম্পানী লিমিটেডে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে । ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে লোকসভাত মোদী চৰকাৰৰ পৰিবেশ আৰু বন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়েও কাজিৰঙাত বিলাসী হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহয় স্পষ্ট কৰিছে।
এনে অৱস্থাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা তথা অসমৰ স্বাৰ্থৰ বিপৰীতে পদক্ষেপ লোৱাৰ বিষয়টো স্পষ্ট হৈছে। আপৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু ৰাজ্য চৰকাৰৰ ভূমিকাৰ নিন্দা কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পদক্ষেপক আদৰণি জনায়।
Also Read: মঙলদৈত অঘটন : তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি প্ৰাণ গ'ল এজনৰ