ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীৰ NEDFi কনভেনচন চেণ্টাৰত Borderlens.com ৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান সফলভাৱে উদযাপন কৰা হয়। এই অনুষ্ঠানত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়নৰ ডীন অধ্যাপক শ্ৰীকান্ত কন্দপল্লীয়ে অতিথি হিচাপে বক্তৃতা প্ৰদান কৰে।
ভাষণত তেওঁ ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশসমূহত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বিষয়ে বক্তব্য আগবঢ়ায়। লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰানা প্ৰতাপ কলিতাই চুবুৰীয়া দেশৰ সৈতে সম্পৰ্ক আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত নিজৰ মন্তব্য ৰাখে।
অনুষ্ঠানত এক মননশীল আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিশিষ্ট উন্নয়ন সাধক আৰু চিন্তাবিদ মৃণাল গোহাঁইৰ নেতৃত্বত অনুষ্ঠিত আলোচনা চক্ৰত অংশ লয় ড° নোমল চ বৰা, ড° ৰাজিব হণ্ডিক, ৰুডী ৱাৰীজী আৰু শ্ৰেয়া গুৰুঙে।
উল্লেখ্য যে, প্ৰতিকূল বতৰৰ মাজতো উক্ত অনুষ্ঠানখনত বহু শুভাকাংক্ষীসকলৰ উপস্থিতি দেখা যায়। এই অনুষ্ঠানটোৰ জৰিয়তে বৰ্ডাৰলেন্স ডট কমে অৰ্থপূৰ্ণ সাংবাদিকতাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে বিগত দুবছৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে।
Also Read: জামুগুৰিহাটৰ নামঘৰত চুৰিকাণ্ড: চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী