ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে "স্বচ্ছতা হী সেৱা" কাৰ্যসূচীত অংশ লৈ এঘন্টাৰ বাবে শ্ৰমদান কৰিছে সমগ্ৰ দেশবাসীয়ে। সমান্তৰালকৈ অসমতো বিভিন্ন স্থানত ৰূপায়ন কৰা হয় শ্ৰমদান কাৰ্যসূচী। দেওবাৰে গুৱাহাটীৰ গান্ধী মণ্ডপত আয়োজিত শ্ৰমদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
এঘন্টাৰ বাবে শ্ৰমদান কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই কাৰ্যসূচীৰ জৰিয়তে সকলোৱে চাফাই কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ বিষয়ে উপলব্ধি কৰিব পাৰিব। ইয়াৰ লগতে এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয়ে চাফাই কৰ্মীসকলৰ বাবে কেইবাটাও অভিলাসী আঁচনিৰ কথাও ঘোষণা কৰে।
আঁচনিৰ কথা ঘোষণা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ চাফাই কৰ্মীসকলৰ বাবে ৫০০ কোটি টকা ব্যয়ৰে ২০০০ ৰ পৰা ২২০০টা ঘৰ নিৰ্মাণ কৰা হ'ব। বিভিন্ন পৌৰ সভাসমূহৰ অন্তৰ্গত চাফাই কৰ্মীসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা। লগতে অতিশীঘ্ৰেই অসম চাফাই কৰ্মী আয়োগ গঠন হ'ব বুলিও জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰোপৰি চাফাই কৰ্মীসকলৰ সন্তানৰ বাবেও বিষেশ বৃত্তি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাফাই কৰ্মীসকলৰ লৰা-ছোৱালীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লে ১০ হাজাৰ টকা, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'লে ১৫ হাজাৰ টকা আৰু চিকিৎসা আৰু অভিযান্ত্ৰিক সেৱাৰ দৰে পেশাদাৰী শিক্ষা গ্ৰহণ কৰিলে ৫০ হাজাৰ টকা বাৰ্ষিক বৃত্তি লাভ কৰিব বুলি ঘোষণা কৰি ২০২৪ ৰ ১ এপ্ৰিলৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
ইয়াৰ লগতে সোমবাৰে বিয়লি ৬ বজাত ৰাজ্যিক কেবিনেটৰ বৈঠক গান্ধী মণ্ডপতে অনুষ্ঠিত হ'ব বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে। এই বৈঠকৰ পিছতেই আৰু কেবাখনো জনকল্যাণমূলক আঁচনিৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Also Read: পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...