চৰ্য্যাৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাবত নীলমণি ফুকনলৈ ৯১সংখ্যক ওপজা দিনৰ শ্ৰদ্ধাৰ্ঘ্য

চৰ্য্যাৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাবত নীলমণি ফুকনলৈ ৯১সংখ্যক ওপজা দিনৰ শ্ৰদ্ধাৰ্ঘ্য

author-image
Asomiya Pratidin
New Update
চৰ্য্যাৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাবত নীলমণি ফুকনলৈ ৯১সংখ্যক ওপজা দিনৰ শ্ৰদ্ধাৰ্ঘ্য

ডিজিটেল সংবাদ,গুৱাহাটী: সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান ‘চৰ্য্যা’ৰ উদ্যোগত জ্ঞানপীঠপ্ৰাপক তৃতীয়গৰাকী অসমীয়া, প্ৰসিদ্ধ কবি-কলা সমালোচক নীলমণি ফুকনলৈ ৯১সংখ্যক ওপজা দিনৰ শ্ৰদ্ধাৰ্ঘ্যৰে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হয় ‘তুমি সৈনিক, তোমাৰেই উন্মোচনৰ ক্ষমতা’ শীৰ্ষক এটি ব্যতিক্ৰমী সাহিত্যানুষ্ঠান৷

জীৱনকালত তৰুণ প্ৰজন্মৰ কবি, শিল্পী, লেখক নীলমণি ফুকনৰ এই জীৱন দৰ্শনক প্ৰৱাহমান কৰি ৰখাৰ উদ্দেশ্যে আয়োজিত এই বিশেষ সাহিত্যানুষ্ঠানত চৰ্য্যা ৰ দ্বাৰা নিৰ্বাচিত ২০২১-২৩ বৰ্ষত প্ৰকাশিত চাৰিটা কবিতা সংকলনৰ বিষয়ে সমালোচনাত্মাক পৰ্যালোচনা আগবঢ়াই সমালোচক, অনুবাদক, অধ্যাপক ক্ৰমে ডঃ বিভাস চৌধুৰী আৰু ডঃ পৰী হিলৈদাৰীয়ে৷ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ডঃ পৰী হিলৈদাৰীয়ে ২০২১ বৰ্ষত প্ৰকাশিত দুটা কবিতা সংকলন কৌশিক বাস্যসৰ ‘এই বতাহখিনিকে দিলোঁ’ আৰু সাগৰ সৌৰভৰ ‘নিজানৰ কোলাহলত’ সংকলনৰ বিষয়ে মননশীল পৰ্যালোচনা আগবঢ়ায়৷

আনহাতে, ২০২৩ বৰ্ষত প্ৰকাশিত দুটা নিৰ্বাচিত কবিতা সংকলন গৌতম প্ৰিয়ম মহন্তৰ ‘কাঁচৰ কাঁড়বোৰ’ আৰু অংকুৰ ৰঞ্জন ফুকনৰ ‘ভূৰমান চেলেউবাং’-ৰ বিষয়ে আলোকসন্ধানী-চিত্তাকৰ্ষক সমালোচনা আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ বিভাস চৌধুৰীয়ে৷

আজিৰ সভাতে সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত নীলমণি ফুকনৰ সাহিত্য অকাডেমি প্ৰাপক কবিতা সংকলন ‘কবিতা’ৰ লেখক, অনুবাদক, সাংবাদিক বিনোদ ৰিংগানিয়াই কৰা হিন্দী অনুবাদ গ্ৰন্থখনিৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি-অনুবাদক-সাংবাদিক দিনকৰ কুমাৰে৷ সভাত উন্মোচক দিনকৰ কুমাৰ আৰু অনুবাদক বিনোদ ৰিংগানিয়াই অনুবাদ সম্পৰ্কীয় চমু ভাষণেৰে আটাইকে আপ্লুত কৰে৷

আজিৰ সভাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত কবি ৰবীন্দ্ৰ বৰা আৰু গল্পকাৰ ডঃ ৰবীন শৰ্মাৰ সোঁৱৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়৷ ইয়াৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ দিয়ে চৰ্য্যা ৰ সম্পাদক, কবি লুট্ফা হানুম ছেলিমা বেগমে৷ আলোচ্য ৪গৰাকী কবি ক্ৰমে কৌশিক বাস্যস, সাগৰ সৌৰভ, গৌতম প্ৰিয়ম মহন্ত আৰু অংকুৰ ৰঞ্জন ফুকনৰ একোটাকৈ কবিতা পাঠ কৰে ক্ৰমে কবি লুট্ফা হানুম ছেলিমা বেগম, ৰাজীৱ বৰুৱা, কুশল দত্ত আৰু মৃদুল হালৈয়ে৷

চৰ্য্যা ৰ সভাপতি, কবি অনুভৱ তুলসীয়ে তেওঁৰ চমু ভাষণত নীলমণি ফুকনৰ আদৰ্শ, অসমীয়া কবিতাক লৈ চৰ্য্যা ৰ ভৱিষ্যৎ পৰিকল্পনা আদিৰ বিষয়ে উল্লেখ কৰে৷ আজিৰ এই বিশেষ সাহিত্যানুষ্ঠানটি সুন্দৰভাৱে আঁত ধৰি সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই কবি মৃদুল হালৈয়ে৷

Also Read: ৰঙিয়াত জলজীৱনৰ পানীৰ বঞ্চিত ৰাইজৰ ক্ষোভ...

NILAMONI PHUKAN