নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ কলা প্রদর্শনীৰ আয়োজন

নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ কলা প্রদর্শনীৰ আয়োজন
Published on
Updated on

ডিজিটেল ডেস্ক : অসম চাৰু কাৰু কলা পৰিষদৰ উদ্যোগত নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ কলা প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। বিশিষ্ট চিত্রশিল্পী, অসম চাৰু-কাৰু কলা পৰিষদৰ প্ৰতিষ্ঠাপক প্রয়াত নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ কলা প্রদর্শনীখন অহা ২৩ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত কৰা হ'ব।

এই প্ৰদৰ্শনীখন ৰাজ্যিক কলা বীথিকাত অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। সেয়েহে ২৩ আগষ্টত আবেলি ৫ বজাত উদ্বোধন কৰিবলগীয়া প্ৰদৰ্শনীখনত ৰাইজৰ উপস্থিতি উদ্যোক্তাই শ্ৰদ্ধাৰে কামনা কৰিছে।

নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ কলা প্রদর্শনীৰ আয়োজন
পুনৰ বিতৰ্কত নাম সাঙোৰ খাইছে দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in