নুনমাটিৰ চাঞ্চ্যকৰ ডকাইতি কাণ্ডঃ লক্ষ্য আছিল মাটি বিক্ৰী কৰা ধন...

ছয় জনীয়া ডকাইতৰ দলে লুটি নিলে
নুনমাটিৰ চাঞ্চ্যকৰ ডকাইতি কাণ্ডঃ লক্ষ্য আছিল মাটি বিক্ৰী কৰা ধন...
নুনমাটিৰ চাঞ্চ্যকৰ ডকাইতি কাণ্ডঃ লক্ষ্য আছিল মাটি বিক্ৰী কৰা ধন...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ নুনমাটিত শুকুৰবাৰে নিশা সংঘটিত হোৱা ডকাইতি কাণ্ডৰে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। নুনমাটিৰ নিজৰাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্ত এই দুই ডকাইত ক্ৰমে আব্দুল আলী আৰু খবিৰ আলী।

উল্লেখ্য যে, শুকুৰবাৰে নিশা নুনমাটি আনন্দনগৰত ছয় জনীয়া এটা ডকাইতৰ দলে মাতৃ-পুত্ৰক বান্ধি নগদ ৬০ হাজাৰ টকাৰ লগতে প্ৰায় ৪ লাখ টকাৰ সোণৰ অলংকাৰ লুট কৰি নিছিল। এই ঘটনাৰ অতি ক্ষীপ্ৰতাৰে তদন্ত কৰি নুনমাটী আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

ভুক্তভোগীৰ ভাষ্য অনুসৰি শুকুৰবাৰে নিশা নুনমাটিৰ ১ নং আনন্দ নগৰৰ বাসিন্দা এগৰাকী বিধৱা মহিলাই আহাৰ গ্ৰহণ কৰাৰ পাছত পুত্ৰক লগত লৈ শুই যায়। ইয়াৰ পিছত পুৱতি নিশা প্ৰায় ২:৩০ মান বজাত ছয়জনীয়া এটা ডকাইতৰ এটা দলে পাকঘৰৰ খিড়িকীৰ ৰড ভাঙি তেওঁলোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।

মুখত ক'লা কাপোৰ বান্ধি প্ৰবেশ কৰা এই ডকাইতৰ দলটোৱে ঘৰটোত প্ৰৱেশ কৰাৰ পাছত তেওঁলোকৰ শোৱণি কোঠালৈ গৈ মহিলাগৰাকী আৰু পুত্ৰক মুখত সোপা দি হাত-ভৰি বান্ধি ডকাইটি কাণ্ড সংঘটিত কৰে। অভিযুক্তই জনোৱা অনুসৰি ডকাইতৰ দলটোৱে তেওঁলোকৰ ডিঙিত চোকা অস্ত্ৰ ৰাখি চিঞঁৰ-বাখৰ নকৰিবলৈ ভাবুকি দিয়ে। তাৰ পাছত ডকাইতৰ দলটোৱে ঘৰত থকা সকলো নগদ ধন আৰু গডৰেজৰ চাবি দিবলৈ মাতৃক ভাবুকি দিয়ে।

তাৰ পাছত গডৰেজৰ চাবি লৈ দলটোৱে গডৰেজ খুলি নগদ ৬০ হাজাৰ টকা আৰু প্ৰায় চাৰি লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ যায়। মন কৰিবলগীয়া যে, এই ডকাইতৰ দলটোৰ লক্ষ্য অবশ্যে ৬০ হাজাৰ বা অলংকাৰখিনি নাছিল। লক্ষ্য আছিল এটা বৃহৎ অংকৰ ধন।

কিয়নো কিছুদিন পূৰ্বে এই মহিলাগৰাকীয়ে ঘৰৰ কাষৰে এক কঠা পাঁচ লেচা ভূমি বিক্ৰী কৰিছিল। এই ভূমিখিনি বিক্ৰী হৈছিল ৮০ লাখ টকাত। সম্ভৱতঃ এই খবৰ আছিল এই ডকাইতৰ দলটোৰ হাতত। সেয়ে মাটি বিক্ৰী কৰা ধন লুট কৰাৰ আশাত ৬ জনীয়া দলটোৱে নিশা এইদৰে আহি ডকাইতি কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰিছে মহিলাগৰাকীয়ে। সৌভাগ্যক্ৰমে সেই ধন মহিলাগৰাকীৰ লগত বা বাসগৃহত নাছিল।

নুনমাটি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক মাৰাথান জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে এই দুজনে ডকাইতি কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। তেওঁলোকে ইতিমধ্যে নগদ ধনখিনি খৰচ কৰা বুলি আৰক্ষীক অবগত কৰাৰ বিপৰীতে সোণৰ অলংকাৰখিনি লুকুৱাই ৰাখিছে বুলি জনাইছে। কিন্তু ক'ত লুকুৱাই ৰাখিছে সেই বিষয়ে দুই ডকাইতে ভিন্ন তথ্য দিছে বুলি জানিব পৰা গৈছে।

নুনমাটিৰ চাঞ্চ্যকৰ ডকাইতি কাণ্ডঃ লক্ষ্য আছিল মাটি বিক্ৰী কৰা ধন...
ৰজাদুৱাৰ পাহাৰত ওলাইছে তথ্য, প্ৰমাণ! মহাৰাজ পৃথুৰ সোণালী ইতিহাস ধ্বংস নকৰিবলৈ আহ্বান উত্তৰ গুৱাহাটীবাসীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in