সোণাপুৰ মহাবিদ্যালয়ত উঃপূঃ ভাৰত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

সোণাপুৰ মহাবিদ্যালয়ত উঃপূঃ ভাৰত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
Published on
Updated on

ডিজিটেল ডেস্ক : সোণাপুৰ মহাবিদ্যালয়ৰ উদ্যোগত তথা ইণ্ডিয়া টুডেৰ সহযোগত উত্তৰ-পূব ভাৰত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা এখনি আয়োজনৰ দিহা কৰা হৈছে। মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি অহা ৪ নৱেম্বৰৰ দিনা মহাবিদ্যালয়খনত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব।

শিক্ষাৰ্থীসকলৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনেই এই প্ৰতিযোগিতাৰ মূল লক্ষ্য। উল্লেখ্য যে ২০১৪ চনৰ পৰাই নৰ্থ-ইষ্ট ইণ্ডিয়া আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা শীৰ্ষক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা আহিছে।

তৰ্ক প্ৰতিযোগিতাৰ মূল বিষয় হ'ল- 'এক ৰাষ্ট্ৰ এক নিৰ্বাচনে ভাৰতৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰিব।' অনুষ্ঠানটোৰ নেতৃত্ব দিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই।

এই প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকসকলক ১০ হাজাৰ, ৭হাজাৰ আৰু ৫হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব বুলি জানিবলৈ দিয়ে।

সোণাপুৰ মহাবিদ্যালয়ত উঃপূঃ ভাৰত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
ধুলি চাহ বাগিছাত পিষ্টলসহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in