গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বাদশ North East Indian Linguistics Society সমাৰোহ

গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বাদশ North East Indian Linguistics Society সমাৰোহ
গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বাদশ North East Indian Linguistics Society সমাৰোহ
Published on
Updated on

ডিজিটেল ডেস্কঃ আজিৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ উদ্যোগত NEILS (North East Indian Linguistics Society)ৰ দ্বাদশ সংখ্যক সমাৰোহখনি আৰম্ভ হৈছে। বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগে অষ্ট্ৰেলিয়াৰ লা ট্ৰব বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অ'ৰেগন বিশ্ববিদ্যালয় আৰু জাৰ্মানীৰ বাৰ্ণ বিশ্ববিদ্যালয়ৰ সহযোগত এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা NEILS সমাৰোহখনিত ভাৰতীয় গৱেষকৰ লগতে ইউ.কে, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, জার্মানী, ফিনলেণ্ড, ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ পৰা অহা ভালেমান বিদেশী গৱেষকৰো সমাগম হৈছে।

এই সমাৰোহখনিয়ে উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ গৱেষক আৰু জনগোষ্ঠীয় প্রতিনিধিক সামৰি লৈছে, যিসকল ভাষা গৱেষণাৰ বিভিন্ন দিশৰ সৈতে, বিশেষকৈ বহুতো থলুৱা সংখ্যালঘূ আৰু বিলুপ্তপ্ৰায় ভাষাগোষ্ঠীৰ ভাষাৰ বিৱৰণ, তথ্য সংগ্ৰহ আৰু আর্কাইভিঙৰ কামত জড়িত।

সমাৰোহখনিৰ শুভাৰম্ভণি অনুষ্ঠানত অধ্যক্ষতা কৰি মাননীয় উপাচাৰ্য, অধ্যাপক প্রতাপ জ্যোতি সন্দিকৈয়ে উপস্থিত দৰ্শকসকলক উত্তৰ পূৰ্বাঞ্চলৰ চহকী ভাষিক বৈচিত্ৰ্যৰ বিষয়ে সোঁৱৰাই দি কয় যে, থলুৱা ভাষাসমূহ আৰু সিবিলাকৰ সাংস্কৃতিক বৈচিত্র্যক সংৰক্ষণ কৰিবৰ বাবে উচ্চ মানৰ ভাষাতাত্বিক গৱেষণাৰ লগতে আন্তঃ বিভাগীয় গৱেষণাৰ প্ৰয়োজন আছে।

ভাষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক তথা NEILS সমাৰোহৰ আহ্বায়ক ড° কৃষ্ণ বড়োৱে সমাৰোহখনিৰ জন্ম অৱস্থাৰ সৈতে জড়িত থকা সদস্যসকলৰ চহকী অৱদানৰ বিষয়ে আৰু তেওঁলোকৰ কামক আগলৈ লৈ যোৱাৰ আঁচনিৰ বিষয়ে কয়। লা ট্রব বিশ্ববিদ্যালয়, অষ্ট্ৰেলিয়াৰ অধ্যাপক তথা NEILS সমাৰোহৰ সহ-অধ্যক্ষ ষ্টিফেন মোৰেই NEILSৰ ১৭ টা বছৰ আৰু উত্তৰ পূৰ্বাঞ্চলত তেওঁৰ নিজৰ লগতে অন্যান্য গৱেষকসকলৰ গৱেষণাৰ অভিজ্ঞতা বৰ্ণাই বক্তব্য ৰাখে।

তেওঁ লগতে নতুন গৱেষকসকলক NEILSৰ সৈতে জড়িত থকা অভিজ্ঞতাৰ ফলশ্ৰুতি হিচাপে ওলোৱা উচ্চমানৰ গৱেষণা পত্ৰ প্ৰকাশ কৰিবলৈ উদগণি যোগায়। অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জ্যোতিপ্রকাশ তামুলীয়ে NEILSৰ কঠোৰ পদ্ধতিগত অনুশীলনৰ বিষয়ে কয় আৰু লগতে আৰু অধিক গৱেষণাৰ বাট মুকলি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়।

অনুষ্ঠানৰ শেষত বিভাগীয় মুৰব্বী ড° সেউজী শৰ্মাই আয়োজক মণ্ডলীৰ লগতে জাৰ্মানীৰ বাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° লিণ্ডা কোনার্থৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু লগতে সমূহ অংশগ্ৰহণকাৰী, শিক্ষকগোট, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীৰ সমজুৱা প্ৰচেষ্টাৰ শলাগ লয়। সমাৰোহখনি গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৩ বৰ্ষৰ ৩ৰ পৰা ৫ ফ্ৰেব্ৰুৱাৰীলৈকে চলিব |

গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বাদশ North East Indian Linguistics Society সমাৰোহ
ঘিলামৰা আৰক্ষীৰ জালত এজন অবৈধ স্বামী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in