ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সামগ্ৰিক কল্যাণৰ উদ্দেশ্যে গ্ৰহণ কৰা ডিজিটেল শস্য জৰীপ, খাৰিফ ২০২৪, আচঁনিৰ অধীনত অসমৰ মুঠ ২৯খন জিলাৰ প্ৰতিখন গাঁৱত অহা ১৬ আগষ্টৰ পৰা ৩০ ছেপ্তেম্বৰলৈকে ডিজিটেল জৰীপ কাৰ্য সম্পন্ন কৰা হ'ব। এই জৰীপ কাৰ্য সূচাৰুৰূপে চলাই নিয়াৰ বাবে সমীক্ষক, পৰ্যবেক্ষক আৰু নিৰীক্ষক ইতিমধ্যে মনোনীত কৰা হৈছে।
আজি অন্য ২৮খন জিলাৰ লগতে কামৰূপ জিলাৰ সমীক্ষক, পৰ্যবেক্ষক আৰু নিৰীক্ষকসকলৰ বাবে প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ আয়োজন কৰা হয়। জিলাখনৰ অন্তৰ্গত ১১ খন ৰাজহ চক্ৰত পৃথকে পৃথকে আয়োজন কৰা প্ৰশিক্ষণত জিলা পৰ্যায়ৰ প্ৰশিক্ষকসকলৰ লগতে চক্ৰ বিষয়া আৰু কৃষি বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
কামৰূপ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰশিক্ষণ হলত অনুষ্ঠিত সভাত অতিৰিক্ত জিলা আয়ুক্ত, কৃষি অভিজিত গগৈ উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা নিয়োজিত বিষয়াসকলক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
প্ৰতিখন সভাতেই সমীক্ষকসকলৰ কৰণীয় আৰু জৰীপৰ সকলো দিশ বিশদভাৱে বুজাই দিয়াৰ লগতে তেখেত সকলৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়োৱা হয়।
Also Read: সাংসদৰ ৰকিবুল হুছেইনৰ দাবী- বেয়া দিন আহি আছে মুখ্যমন্ত্ৰীৰ...