জ্যোতিনগৰত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত চুটিগল্প সন্মিলনৰ আয়োজন

সমিতিয়ে জনোৱা অনুসৰি, পাঠ কৰিবলগা চুটিগল্পৰ শব্দৰ সংখ্যা ৫০০ ৰ ভিতৰত হ'ব লাগিব

author-image
Asomiya Pratidin
New Update
আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত অনুষ্ঠিত হ'ব 'উদ্ভাৱনী মহোৎসৱ'

ডিজিটেল ডেস্কঃ অসমৰ অগ্ৰণী প্ৰকাশন অনুষ্ঠান "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত আৰু জ্যোতিনগৰ সাহিত্য সভাৰ সহযোগত অহা ২ এপ্ৰিলত দিনৰ ১০-৪৫ বজাৰ পৰা এখনি চুটিগল্প সন্মিলনৰ আয়োজন কৰা হৈছে । সকলো শ্ৰেণীৰ লোকে এই সন্মিলনত অংশ গ্ৰহণ কৰিব পাৰিব বুলি সমিতিয়ে জনায় ।

সমিতিয়ে জনোৱা অনুসৰি, পাঠ কৰিবলগা চুটিগল্পৰ শব্দৰ সংখ্যা ৫০০ ৰ ভিতৰত হ'ব লাগিব । আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব । পঠিত চুটিগল্পৰ পৰা নিৰ্বাচন কৰি চুটিগল্প সংকলন এখন প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব ।

সবিশেষ জানিবৰ কাৰণে কমল কলিতা (৯৪৩৫০-১০৫৫৪) অৱনী ৰঞ্জন পাঠক (৯৪৩৫৫-৩৭০৩২)পুতুলী ঠাকুৰীয়া মেধি (৯৭০৬০-৭৩৭২৩) অথবা প্ৰকাশন সচিব দীপক শৰ্মা (৬৯০১৬-২০০২০) ৰ লগত যোগাযোগ কৰিব পাৰিব বুলি জনায় ।

Also Read: BBC ৰ মোডীৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শনৰ শাস্তি ! JNU ত প্ৰতিবাদ কৰিলেই শিক্ষাৰ্থীয়ে ভৰিব লাগিব ২০ হাজাৰ...

paragjyoti prakashan jyotinagar sahitya sabha