ডিজিটেল ডেস্কঃ একালত কংগ্ৰেছ তথা তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সংবাদমেল পাতি থকা-সৰকা কৰা কৃষক নেতা বৰ্তমানৰ বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ। সামাজিক মাধ্যমযোগে এটি পুৰণি ভিডিঅ' শ্বেয়াৰ কৰি 'অখিল গগৈ ডাঙৰীয়া, এই সন্দৰ্ভত আপোনাৰ বৰ্তমান স্থিতি কি' বুলি প্ৰশ্ন কৰে মন্ত্ৰী হাজৰীকাই।
সংবাদমেলখনত সেই সময়ৰ কৃষক নেতাজনে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল। সংবাদমেলত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক লক্ষ্য কৰি বিধায়ক অখিল গগৈয়ে তথ্য সহকাৰে প্ৰমাণ কৰাৰ চেষ্টা চলাইছিল কিদৰে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে বিদেশত কোটি কোটি টকাৰ সা-সম্পত্তি আহৰণ কৰিছিল।
ফটো আৰু অন্যান্য তথ্য, প্ৰমাণ দাঙি ধৰি অখিল গগৈয়ে দাবী কৰিছিল যে, গগৈৰ বগা পোছাকত ক'লা দাগ লাগিছে। তেওঁৰ মতে কন্যা চন্দ্ৰিমা গগৈ, জোঁৱায়েক প্ৰসেনজিত ফুকন আৰু পত্নী ডলী গগৈৰ নামত আমেৰিকাৰ বিভিন্ন অভিজাত এলেকাত তৰুণ গগৈৰ ৫টাকৈ ঘৰ আছে।
অখিল গগৈয়ে আমেৰিকাত থকা তৰুণ গগৈৰ এই সা-সম্পত্তিৰ পৰিমাণ ১৭ কোটি ৮৮ লাখ ৪৫ হাজাৰ ৫০ টকা বুলি সংবাদমেলত দাঙি ধৰিছিল। এই বিস্ফোৰক তথ্য় ফাদিল কৰি সেই সময়ৰ কৃষক নেতা অখিল গগৈয়ে দাবী কৰিছিল যে, বিদেশত তৰুণ গগৈৰ এই সা-সম্পত্তি আহৰণ কৰাৰ ক্ষেত্ৰত কেইবাজনো প্ৰবাসী অসমীয়াই তেওঁক সহায় কৰিছিল।
এই ক্ষেত্ৰত আমেৰিকা দূতাবাসৰ পৰাও সহযোগ লাভ কৰিছিল বুলি মন্তব্য কৰিছিল অখিল গগৈয়ে। কি উৎসৰে কোটি কোটি টকা আহৰণ কৰি প্ৰয়াত তৰুণ গগৈৰ জী-জোঁৱাই, পুত্ৰ আৰু পত্নীয়ে আমেৰিকাত ঘৰ মাটি ক্ৰয় কৰিব পাৰিলে তাৰ ওপৰত এক চিবিআই তদন্তৰ দাবী কৰিছিল অখিল গগৈয়ে।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগে উত্থাপনেৰে সৰৱ হৈ থকা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক উদ্দেশ্যি সেয়ে মন্ত্ৰী পীযুষ হাজৰীকাৰ অখিল গগৈক সম্বোধন কৰি এই সন্দৰ্ভত আপোনাৰ বৰ্তমান স্থিতি কি বুলি প্ৰশ্ন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।
Also Read: কাৰ্বি আংলঙত ডেংগুৰ ভয়াৱহ ৰূপঃ ৰাজ্যৰ ৫৩৭২ গৰাকী আক্ৰান্তৰ ভিতৰত ৪৫৮৪ জনেই পাহাৰীয়া জিলাখনৰ....