জ্যেষ্ঠ নাগৰিকৰ সৈতে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ আলোচনা

জ্যেষ্ঠ নাগৰিকৰ সৈতে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ আলোচনা
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাৰ মাজত বৃহস্পতিবাৰে জনতা ভৱনত মন্ত্ৰীগৰাকীৰ বিভাগীয় কক্ষত সংশ্লিষ্ট উচ্চ পদস্থ বিষয়া বৰ্গৰ উপস্থিতিত দিনৰ ১২বজাত অসমৰ জ্যেষ্ঠ নাগৰিকৰ সমস্যাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজ্যিক নীতি ২০১৬ৰ সন্নিৱিষ্ট দফা সমূহৰ সঠিক ৰূপায়নৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। সন্মিলনৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউন্দে আঁতধৰা অনুষ্ঠানত জ্যেষ্ঠ নেতাগৰাকীয়ে চৰকাৰী উন্নয়নমূলক আঁচনি দিগ্-দৰ্শনৰ দায়িত্ব আৰোপিত পৰামৰ্শদাতা সমিতিখন আজিও যথাৰীতিৰে সম্পূৰ্ণ নোহোৱাৰ প্ৰসংগত উত্থাপিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে বিষ‌য়টো আলোচনা কৰে আৰু এমাহৰ ভিতৰত এনে সমিতিখনে কাৰ্যকৰী ব্যৱস্থা ল'ব বুলি জনায়।

সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে জ্যেষ্ঠ নাগৰিকৰ পৰিচয় পত্ৰৰ ক্ষেত্ৰত ১৯৬৬ চনৰ ভোটাৰ তালিকা দাখিল কৰিবলগীয়া বিষয়টোৱে সৃষ্টি কৰা জটিলতাৰ সন্দৰ্ভত সহজ পন্থা লোৱাৰ ব্যৱস্থা কৰিব বুলি কোৱা হয়। প্ৰধান সম্পাদকগৰাকীয়ে ২৫০ টকীয়া বৃদ্ধপেন্সন জ্যেষ্ঠ নাগৰিকৰ বাবে অবজ্ঞাসূচক বুলি কয়। এনে বিষয়টোৰ প্ৰসংগত ব্যাখ্যা দাঙি ধৰি সন্মিলনৰ প্ৰচাৰ ও জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে ২৫০ টকা পেন্সনেৰে নাগৰিকে এগৰাকী জ্যেষ্ঠ নাগৰিকে নিজৰ ঔষধখিনীও কিনিব নোৱাৰিব বুলি কয়। কোনো পেন্সন আদিকে ধৰি আন আৰ্থিক সহায় আদি নোপোৱা বৃদ্ধ সকলক ২৫০টকাৰ ঠাইত কমেও ২০০০টকা বৃদ্ধ পেন্সন দিয়াৰ বাবে অনুৰোধ জনোৱা হয়।

সন্মিলনৰ পক্ষৰ পৰা বানেশ্বৰ খাউন্দে জেৰিয়াট্ৰিক চিকিৎসা ব্যৱস্থা চিকিৎসা শিক্ষানুষ্ঠানত পাঠ ভিত্তিক প্ৰৱৰ্তন কৰি বিভাগীয় উপযুক্ত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। গুৰুজনাকে ধৰি পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু দায়বদ্ধতা পালনৰ মানসিকতা নৱপ্ৰজন্মই শিক্ষাৰ আৰম্ভণিৰ পৰাই শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত পাঠ্যক্ৰমত তেনে পাঠ সন্নিৱিষ্ট কৰি বিদ্যালয়, মহাবিদ্যালয়ত শিক্ষাদানৰ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উত্থাপন কৰাত বিষয়টোৰ প্ৰসংগত আলোচনা কৰি এনে ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ লগতো আলোচনা কৰাৰ কথাকৈ আলোচনাত সহযোগ কৰিব বুলি কয়।

জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰীৰ লগতো অচিৰেই আলোচনা হ'ব বুলি জনোৱা হয়। লগতে আন একবিষ‌য় আলোচনা কৰি এই বছৰ বিশ্বজুৰি পালন কৰিব লগা ৩৩সংখ্যক "বয়স্ক লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস" অসম চৰকাৰৰ পক্ষৰ পৰা কেন্দ্ৰীয়ভাবে গুৱাহাটীত আৰু প্ৰতি জিলা, মহকুমাত পালন কৰিব বুলি জানিব দিয়ে। আলোচনাত সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক হৰকান্ত গোস্বামী আৰু শিক্ষাসম্পাদক ড০ জগন্নাথ গোস্বামীও বক্তব্য ৰাখে।

জ্যেষ্ঠ নাগৰিকৰ সৈতে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ আলোচনা
লোকান্তৰ ঘটিল লোকসংস্কৃতিৰ এগৰাকী মহা সাধকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in