১১ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব প্ৰথিতযশা কবি-সাহিত্যিক ৰবীন্দ্ৰ বৰাৰ

১০ বজাত জু-ৰোডৰ প্ৰশান্তি এপাৰ্টমেণ্টত জনাব শেষ শ্ৰদ্ধাঞ্জলি
১১ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব  প্ৰথিতযশা কবি-সাহিত্যিক ৰবীন্দ্ৰ বৰাৰ
১১ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব প্ৰথিতযশা কবি-সাহিত্যিক ৰবীন্দ্ৰ বৰাৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰা প্ৰথিতযশা কবি-সাহিত্যিক তথা সমালোচক ৰবীন্দ্ৰ বৰাৰ আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব। ইয়াৰ পূৰ্বে পুৱা ১০ বজাত তেওঁৰ নশ্বৰ দেহ নেমকেয়াৰ হাস্পতালৰ পৰা জুৰোডৰ অপূৰ্ব সিনহা পথত থকা প্ৰশান্তি এপাৰ্টমেণ্টলৈ লৈ অনা হ'ব।

ইয়াতেই তেওঁৰ নশ্বৰ দেহত আত্মীয় স্বজন তথা গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাব। তাৰ পাছত ১১ বজাত তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ'ব। তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।

ইতিমধ্যে প্ৰয়াত ৰবীন্দ্ৰ বৰাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰশান্তি এপাৰ্টমেণ্টত বহু গুণমুগ্ধই ভিৰ কৰিছে। উল্লেখ্য যে, ৰামধেনু যুগতে কবি হিচাপে আত্মপ্ৰকাশ কৰা বৰাই ১৯৬০ ৰ পৰাই নিৰলস কাব্য-সাধনাৰে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰলৈ বিশিষ্ট অৱদান আগবঢ়াই আহিছিল।

‘নিৰ্বাসিত সময়’, ‘শইচৰ মানুহ’, ‘অকলশৰীয়া ভয়’ ইত্যাদি কাব্যগ্ৰন্থৰে অসমীয়া কবিতাৰ ঐতিহ্যক চহকী কৰি থৈ গৈছে। প্ৰচুৰ মেধা, প্ৰজ্ঞাৰগৰাকী হৈও সহজ সৰল জীৱন যাপন কৰা এইগৰাকী সাহিত্যিকৰ বিৰল ব্যক্তিত্বই সন্মোহিত কৰিছিল বহুতকে।

১১ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব  প্ৰথিতযশা কবি-সাহিত্যিক ৰবীন্দ্ৰ বৰাৰ
প্ৰথিতযশা কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী আৰু অসম প্ৰকাশন পৰিষদৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in