অম্বুবাচী মেলা উপলক্ষে তৎপৰ আৰক্ষী-প্ৰশাসন

অম্বুবাচী মেলা উপলক্ষে তৎপৰ আৰক্ষী-প্ৰশাসন
Published on
Updated on

ডিজিটেল ডেস্ক : সমাগত অম্বুবাচী উপলক্ষে তৎপৰ হৈ পৰিছে অসম আৰক্ষী তথা প্ৰশাসন। ভক্তসকলৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট গুৰুত্ব দিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে।

ইয়াৰোপৰি ভক্তসকলৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই যাৱতীয় ব্যৱস্থাগ্ৰহণৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসন। এই সন্দৰ্ভত শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কেতবোৰ মন্তব্য কৰে।

তেঁও কয় যে অম্বুবাচী মেলাৰ কাৰণে প্ৰতি বছৰে ব্যৱস্থা গ্ৰহণ কৰা হয়। ৩-৪টা ভাগত সুৰক্ষাৰ ব্যৱস্থা কৰা হয়। প্ৰথমটো হৈছে মন্দিৰৰ সুৰক্ষাৰ ব্যৱস্থা।

দ্বিতীয়তে ৰাইজৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হয়। এইক্ষেত্ৰত বিভিন্ন বিষয়ববীয়াৰে ভালেকেইখন সভা ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে বুলি আৰক্ষী সঞ্চালক প্ৰধান সিঙে জানিবলৈ দিয়ে।

মুঠৰ ওপৰত কোনেও যাতে একো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে আৰক্ষী-প্ৰশাসনে বিশেষভাৱে গুৰুত্ব দিছে।

অম্বুবাচী মেলা উপলক্ষে তৎপৰ আৰক্ষী-প্ৰশাসন
কথমপি নহ'ল অঘটন ! নেপালৰ বিৰুদ্ধে ১ৰানত দঃ আফ্ৰিকাৰ কঠিন জয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in