এটা চৰে লগাইছে অথন্তৰঃ ৰাইজে তৰিলে গোচৰ, আৰক্ষী আয়ুক্তৰ নিৰ্দেশ তদন্তৰ...

শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ প্ৰতিবাদৰ মাজতে মহিলা প্ৰতিবাদকাৰীক চৰ
এটা চৰে লগাইছে অথন্তৰঃ ৰাইজে তৰিলে গোচৰ, আৰক্ষী আয়ুক্তৰ নিৰ্দেশ তদন্তৰ...
এটা চৰে লগাইছে অথন্তৰঃ ৰাইজে তৰিলে গোচৰ, আৰক্ষী আয়ুক্তৰ নিৰ্দেশ তদন্তৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শৰৎকালীন অধিবেশন চলি থকাৰ মাজতে আজি গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত লোকসকলে পুনৰ সংস্থাপনৰ দাবীৰে প্ৰতিদাব সাব্যস্ত কৰাৰ মাজতে এক লাগে অথন্তৰ। প্ৰতিবাদৰ মাজতে এগৰাকী মহিলা প্ৰতিবাদকাৰীক কৰ্তব্যৰত এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে পূৰ্ণহতীয়া চৰ মাৰে।

অন কেমেৰা এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। বিৰোধী ৰাজনৈতিক নেতাই এই কাৰ্যই অসমত পুলিচ ৰাজ চলা বুলি প্ৰমাণ কৰাৰ অভিযোগ কৰি ৰাজ্য চৰকাৰক সমালোচনা কৰিছে। ইয়াৰ পিছতে এতিয়া গুৱাহাটীৰ আৰক্ষী আয়ুক্তই এই ঘটনাৰ এক তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে, বুধবাৰে শিলসাঁকোৰ উচ্ছেদিত লোকসকলে বিধানসভা ভৱনৰ বাহিৰত পুনৰ সংস্থাপনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। শিলসাঁকোত অবৈধ বেদখলৰ অভিযোগত এই লোকসকলক বিগত বছৰত উচ্ছেদ কৰা হৈছিল।

উচ্ছেদিত এই লোকসকলৰ মাজত আছিল খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো, ৰাভা, মিচিং, কাৰ্বি আদি জনগোষ্ঠীয় লোক। উচ্ছেদিত এই লোকসকলক পুনৰ সংস্থাপনৰ কথা কোৱা হৈছিল যদিও আজি পৰ্যন্ত তেওঁলোকক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল।

যাৰ বাবে তেওঁলোকে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আজিও তেওঁলোকে পুনৰ সংস্থাপনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে আৰক্ষীয়ে আটক কৰি এখন বাছত উঠাই সেই স্থানৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছিল।

সেই সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত এগৰাকী মহিলা প্ৰতিবাদকাৰীক পূৰ্ণ হতীয়া চৰ দিয়ে এগৰাকী মহিলা আৰক্ষীয়ে। সমান্তৰালকৈ মহিলা প্ৰতিবাদকাৰীগৰাকীয়েও আৰক্ষী কনিষ্টবলগৰাকীৰ দিশে চোঁচা লয়।

অৱশ্যে সেই স্থানত থকা এগৰাকী পুৰুষ কনিষ্টবলে তেওঁলোক দুয়োৰে মাজত আহি পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে আৰু অন্যান্য মহিলা আৰক্ষীৰ সহযোগত দুয়োকে আঁতৰাই নিবলৈ সক্ষম হয়।

এই দৃশ্য সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে আৰক্ষী সমালোচিত হৈছে। সমান্তৰালকৈ আৰম্ভ হৈছে ৰাজনীতি। এনে পৰিস্থিতি গুৱাহাটীৰ আৰক্ষী আয়ুক্তই এক নিৰ্দেশনাৰ জৰিয়তে তদন্ত ঘোষণা কৰিছে। এই তদন্তৰ দায়িত্ব দিয়া হৈছে এ ডি চি পি মৈত্ৰেয়ী ডেকাক।

ইফালে সমান্তৰালকৈ প্ৰতিবাদকাৰী মহিলাগৰাকীক চৰ মৰাৰ লগতে অন্যান্য প্ৰতিবাদকাৰীৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে এক গোচৰ দাখিল কৰিছে শিলসাঁকোৰ উচ্ছেদিত ৰাইজে। আজি দিছপুৰ আৰক্ষী থানাত প্ৰতিবাদকাৰী উচ্ছেদিত ৰাইজে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা লোকসকলৰ ওপৰত আৰক্ষী জপিয়াই পৰি তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰা ঘটনাক সহজভাৱে মানি নলৈ ইয়াৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে।

এটা চৰে লগাইছে অথন্তৰঃ ৰাইজে তৰিলে গোচৰ, আৰক্ষী আয়ুক্তৰ নিৰ্দেশ তদন্তৰ...
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত হাওৰাঘাট আৰু ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in