প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিব মাহেকীয়া মুখপত্ৰ...

প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিব মাহেকীয়া মুখপত্ৰ...
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিয়মীয়াকৈ এখন মাহেকীয়া মুখপত্ৰ প্ৰকাশ কৰিব। কংগ্ৰেছ দলৰ কৰ্মসূচী আৰু ৰাজহুৱা দায়ৱদ্ধতা বিষয়ক আঁচনিসমূহ ৰাইজক অৱগত কৰাৰ লক্ষ্যৰে ইতিমধ্যে আব্দুল খালেকক অধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰি দিয়া হৈছে।

এই মুখপত্ৰখনত কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰচাৰ চলোৱাৰ লগতে বিজেপি দল আৰু চৰকাৰৰ জনবিৰোধী কামসমূহ ৰাইজৰ ওচৰলৈ লৈ যোৱা হ’ব। মুখপত্ৰখনৰ জৰিয়তে ৰাইজক ৰাজনৈতিকভাৱে সজাগ কৰাৰ চেষ্টা চলোৱা হ’ব।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই বৃহস্পতিবাৰে ১২ জনীয়া এখন সমিতি গঠন কৰি দিয়ে। এই সমিতিখনত আছে প্ৰাক্তন মন্ত্ৰী হিৰণ্য বৰা, প্ৰাক্তন সাংসদ বিষ্ণুপ্ৰসাদ, বিধায়ক শিৱামণি বৰা, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সম-অধ্যক্ষ মেহদী আলম বৰা, বিপুল গগৈ, ৰাতুল কলিতা, ঋতুপৰ্ণ কোঁৱৰ, প্ৰবীণ বড়ো আৰু বিদিশা নেওগ। প্ৰফুল্ল কুমাৰ দাসক এই সমিতিখনৰ সমন্বয়কৰ দায়িত্ব দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in