ডিজিটেল ডেস্কঃ সাহিত্য অনুৰাগী, সাংস্কৃতিক ৰসিক আৰু উদীয়মান সাহিত্যিকসকলৰ বাবে এক বৌদ্ধিক আৰু মত বিনিময়ৰ এক উত্তম মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আগবাঢ়িছে প্ৰাগজ্যোতিষপুৰ সাহিত্য মহোৎসৱ ২০২৩ (পিএলএফ)। ২০২৩ চনৰ ২৯ ছেপ্টেম্বৰৰ পৰা শংকৰদেৱ এডুকেচন এণ্ড ৰিচাৰ্চ ফাউণ্ডেচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা ৩দিনীয়া সাহিত্য মহোৎসৱ মহানগৰীৰ অসম সাহিত্য সভা আৰু জিলা পুথিভঁৰাল চৌহদত আৰম্ভ হ’ব। গুৱাহাটীৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ লগতে প্ৰাগজ্যোতিষপুৰৰ কিংবদন্তিসমূহ পুনৰ আৱিষ্কাৰ আৰু পুনৰ সংজ্ঞায়িত কৰি যুৱ প্ৰতিভাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে ‘ইন চাৰ্চ অৱ ৰুটছ’ শীৰ্ষক বিষয়বস্তুৰে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য় উৎসৱৰ আয়োজন কৰা হৈছে।
প্ৰাগজ্যোতিষপুৰ সাহিত্য মহোৎসৱৰ পদক্ষেপৰ জৰিয়তে যুৱ প্ৰজন্মই গুৱাহাটীৰ প্ৰাচীন সাংস্কৃতিক বৈচিত্ৰ্যৰ মহত্ত্ব জানিব আৰু উপলব্ধি কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে। ধাৰাবাহিক আলোচনা, মত বিনিময় পৰ্ব, বিষয়ভিত্তিক কুইজ প্ৰতিযোগিতা আৰু সাহিত্য আবৃত্তিৰ জৰিয়তে এই অনন্য উৎসৱে যুৱ লেখকসকলক সাহিত্যৰ জৰিয়তে নিজৰ সভ্যতাৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সংগঠিত কৰিব বুলি আশা কৰা হৈছে।
নেশ্যনেল বুক ট্ৰাষ্ট-ইণ্ডিয়াৰ অধ্যক্ষ অধ্যাপক অধ্যাপক মিলিন্দ সুধাকৰ মাৰাথে (এজন স্বীকৃতিপ্ৰাপ্ত লেখক-সমালোচক), পদ্মশ্ৰী লিল বাহাদুৰ ছেত্ৰী (এজন বিশিষ্ট গোৰ্খা সাহিত্যিক), পংকজ চতুৰ্বেদী (দিল্লী), ভূৱনেশ্বৰৰ পৰা সুবাস চন্দ্ৰ সতাপতি, গোৱাৰ পৰা ভূষণ ভাৱে, টেলিভিছনৰ বাতৰিৰ ব্যক্তিত্ব ৰুবিকা লিয়াকুৱাটৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৱ ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, অনুবাদক, সাহিত্য সমালোচকে এই মহোৎসৱত উপস্থিত থাকিব।
ইতিমধ্যে ধুবুৰী ভোলানাথ মহাবিদ্যালয়, ডিব্ৰুগড় এইচ সূৰজমল কানয় মহাবিদ্যালয় আৰু ধেমাজি বালিকা বিদ্যালয়ত শতাধিক নবীন সাহিত্যিক, গ্ৰন্থ-প্ৰেমী আৰু আশাব্যঞ্জক যুৱ প্ৰতিভাসকলৰ সৈতে তিনিটা প্ৰি-ইভেণ্ট অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
প্ৰাগজ্যোতিষপুৰ সাহিত্য মহোৎসৱৰ কাৰ্যকৰী সভাপতি সৌম্যদীপ দত্তৰ জনোৱা মতে, এনেধৰণৰ আৰু কেইটামান সাহিত্য সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। প্ৰাগজ্যোতিষপুৰ সাহিত্য মহোৎসৱৰ সভাপতি ফনীন্দ্ৰ দেৱচৌধুৰীয়ে আশা কৰিছে যে এই অনুষ্ঠান পূৱ ভাৰতৰ চহকী ইতিহাস, সংস্কৃতি আৰু ভাষাসমূহ প্ৰদৰ্শন কৰা এক ফলপ্ৰসূ অনুশীলনৰূপে প্ৰতিষ্ঠিত হ'ব। য’ত সাহিত্য কৰ্মীসকলে নিজৰ অতীতক পুনৰ আৱিষ্কাৰ কৰাৰ লগতে ভৱিষ্যতবাদী আৰু উদ্দেশ্যপ্ৰণোদিত সাহিত্যিক ৰচনাৰ পথ প্ৰশস্ত কৰিব পাৰিব।