'আইচিএনটিআৰএম'ত ড০ ৰঞ্জন কুমাৰ কাকতিৰ গৱেষণা পত্ৰ উপস্থাপন

'আইচিএনটিআৰএম'ত ড০ ৰঞ্জন কুমাৰ কাকতিৰ গৱেষণা পত্ৰ উপস্থাপন

author-image
Asomiya Pratidin
New Update
'আইচিএনটিআৰএম'ত ড০ ৰঞ্জন কুমাৰ কাকতিৰ গৱেষণা পত্ৰ উপস্থাপন

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ট্ৰেক ছ’চাইটি (NTSI)ৰ কাৰ্যবাহী সদস্য ড০ ৰঞ্জন কুমাৰ কাকতিয়ে গুৰুগ্ৰাম বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ২৮তম পাৰমাণৱিক ট্ৰেক আৰু বিকিৰণ জোখাৰ আন্তৰ্জাতিক সন্মিলনত পদাৰ্থ বিজ্ঞানৰ পাৰমাণৱিক বিকিৰণৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত ২খন গৱেষণা পত্ৰ উপস্থাপন কৰে।

৬ নবেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ চলা এখন গৱেষণা সত্ৰত ড° কাকতিয়ে এখন টেকনিকেল চেচনত অধ্যক্ষতাও কৰে। ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে ফ্ৰান্সৰ ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা নিউক্লিয়াৰ ট্ৰেক আৰু ৰেডিয়চন মেজাৰমেণ্টৰ ক্ষেত্ৰত ই বিশ্বৰ অন্যতম পুৰণি মঞ্চ। আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বিশ্বৰ প্ৰায় ২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Also Read: ছাত্ৰীৰ বাবে ২% 'ঋতুস্ৰাৱৰ ছুটী'ৰ অনুমোদন গুৱাহাটী বিশ্ববিদ্যালয়ৰ

guwagati