ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা অংশকালীন প্ৰবক্তা নিযুক্তি সম্বন্ধীয় বিজ্ঞাপনক লৈ শুক্ৰবাৰে শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চই সংবাদমেলৰ আয়োজন কৰে। কটন বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনাৰ অৱমাননা কৰা বুলি শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চই অভিযোগ উত্থাপন কৰে ।
কটন বিশ্ববিদ্যালয়ে যোৱা ২৯ জুলাইত প্ৰকাশ কৰা বিজ্ঞাপনত একোজন অংশকালীন প্ৰবক্তাক প্ৰতিটো পাঠদানৰ বিপৰীতে ৭০০ টকাকৈ আৰু মাহত সৰ্বমুঠ ১৯,৬০০ টকা মাননী দিয়াৰ কথা উল্লেখ কৰিছিল। কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগে ২০১৯ চনত প্ৰকাশ কৰা অংশকালীন প্ৰবক্তাৰ মাননী বৃদ্ধিৰ সংশোধিত নিৰ্দেশনা অনুসৰি প্ৰতিজন অংশকালীন প্ৰৱক্তাই প্ৰতিটো পাঠদানৰ বিনিময়ত ১৫০০ টকাকৈ আৰু প্ৰতিমাহত সৰ্বমুঠ ৫০,০০০ টকাকৈ মাননী লাভ কৰিব লাগে।
এনে পৰিপ্ৰেক্ষিতত কটন বিশ্ববিদ্যালয়ে মাত্ৰ ৭০০ টকাত এজন শিক্ষক নিযুক্তি কৰিব বিচৰা কাৰ্যক শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চই বৌদ্ধিক শোষণ বুলি উল্লেখ কৰে। যি সময়ত কেৰেলাৰ এজন নিৰ্মাণ শ্ৰমিকে দৈনিক ৮৩৭ টকা মজুৰি লাভ কৰি আছে তেনে সময়তে কটন বিশ্ববিদ্যালয়ে এজন নেট পাছ কৰা অথবা ডক্টৰেট ডিগ্ৰীধাৰী শিক্ষকক কেৰেলাৰ এজন নিৰ্মাণ শ্ৰমিকতকৈয়ো কম মাননী দিব বিচৰা কাৰ্যক শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চই ধিক্কাৰ জনায় ।
লগতে শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চই ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষক সমাজৰ অৰ্ধনৈতিক অৱস্থাৰ কথা চিন্তা নকৰে বুলিও আক্ষেপ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰ আৰু নাগপুৰক সন্তুষ্ট কৰাৰ স্বাৰ্থত অতি কম সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ প্ৰৱৰ্তনৰ কৰিব বিচৰা কাৰ্যই ৰাজ্যৰ শিক্ষাখণ্ডত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি সংবাদমেলৰ জৰিয়তে মঞ্চই উল্লেখ কৰে।
সংবাদমেলৰ আহ্বায়ক সংগীতা দাসে কয়- 'অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটো পূৰ্বৰে পৰা শিক্ষকৰ নাটনিৰেই চলি আছে। চি বি চি এচ শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ পিছতেই ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠান সমুহত শিক্ষকৰ নাটনি দেখা গৈছিল। এতিয়া ৰাজ্য চৰকাৰে ততাতৈয়াকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ প্ৰৱৰ্তন কৰিব বিচৰাৰ ফলত এই নাটনি আৰু বেছি বৃদ্ধি পাব।'
কিন্তু ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তি দিয়াৰ পৰিৱৰ্তে ঠিকাভিত্তিক শিক্ষকেৰেই শিক্ষা ব্যৱস্থা চলাব বিচাৰিছে। লগতে ২০২১ চনত কেবিনেটে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যত বৰ্তমান ৪০,৪৬৫ টা শিক্ষকৰ পদ খালী হৈ থকাৰ কথাও উল্লেখ কৰে।
সংবাদমেলত প্ৰদান কৰা তথ্য অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়তে বৰ্তমান ১০০ গৰাকীতকৈ অধিক শিক্ষকৰ পদ খালী হৈ আছে আৰু কটন বিশ্ববিদ্যালয়তো ১৯২ টা পদ খালী হৈ আছে। তথাপি এই বৃহৎ শিক্ষকৰ নাটনিৰ সৈতেই ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ ওপৰত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ হেচা প্ৰয়োগ কৰিছে আৰু ই পৰৱৰ্তী সময়ত অসমৰ শিক্ষাব্যৱস্থাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিয়ো আহ্বায়ক দাসে আশংকা প্ৰকাশ কৰে।
ইয়াৰ লগতে ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত হেচা প্ৰয়োগ কৰি এমাহৰ ভিতৰতে জোৰা-টাপলি মাৰি ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰা বুলি শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চই উল্লেখ কৰে । উল্লেখ্য যে, গুৱাহাটী প্ৰেছ ক্লাৱত শুক্ৰবাৰে অনুষ্ঠিত এই সংবাদমেলত উপস্থিত থাকে শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চৰ সক্ৰিয় সদস্য সুব্ৰত তালুকদাৰ, সংগীতা দাস, ৰিতুৰঞ্জন দাস আৰু কৃষ্ণ গগৈ।
Also Read: তেওঁ পাৰে,সময়হে বেয়া