ডিজিটেল ডেস্কঃ চাংসাৰিস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ, গুৱাহাটী ৰোগীৰ সুবিধাৰ বাবে কেইবাটাও নতুন সুবিধা উপলব্ধ হৈছে। চিকিৎসালয়খনত ৰোগী আৰু তেওঁলোকৰ অভিভাৱকৰ বাবে আশ্ৰয় গৃহ, অত্যাধুনিক প্ৰেক্ষাগৃহ আৰু কেইবাবিধো উন্নত চিকিৎসা সঁজুলি নতুনকৈ সংলগ্ন কৰা হৈছে।
মঙ্গলবাৰে আয়ুৰ্বেদ দিৱস উপলক্ষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশজুৰি মুঠ ১২৮৫০ কোটি টকাৰ আন্তঃগাঁথনিৰ প্ৰকল্প ভাৰ্ছুৱেলী উদ্বোধন কৰে। ইয়াৰ ভিতৰত অসমৰো চিকিৎসা আন্তঃগাঁথনি উন্নয়নৰ বাবে আছে কেইবাটাও প্ৰকল্প।
এই উদ্বোধনী অনুষ্ঠানত এইমছ, গুৱাহাটীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ শৰ্মাই কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পদক্ষেপে এইমছক এক নতুন দিশ দিছে। ইয়াক দেশৰ অন্যতম প্ৰধান চিকিৎসা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিছে। এই সুবিধাসমূহৰ উদ্বোধনে প্ৰতিষ্ঠানটোৰ মান উন্নত কৰাৰ লগতে এইমছ ,গুৱাহাটীক অঞ্চলটোৰ গুণগত স্বাস্থ্যসেৱাৰ ৰেখা হিচাপে অধিক প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে।
অনুষ্ঠানত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতাও জ্ঞাপন কৰে। এইমছ, গুৱাহাটীত নতুনকৈ উদ্বোধন কৰা এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰেডিঅ' থেৰাপি ব্লক, এম আৰ ই ৩টি, ডেক্সা স্কেম, অডিটৰিয়াম, Bi-Plane আৰু আশ্ৰয় গৃহ।
On #AyurvedaDay2024, Hon'ble Prime Minister Shri @narendramodi ji launched and laid the foundation stone of various health sector projects worth over ₹12,850cr & dedicated several new initiatives to the people of Assam.
I joined this momentous occasion from AIIMS, Guwahati. pic.twitter.com/YPdX5IHadF— Himanta Biswa Sarma (@himantabiswa) October 29, 2024