ক'ত হেৰাল ৰমেন বৰুৱা? ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে উদ্ধাৰ অভিযান...

মোবাইলৰ অন্তিন লোকেচন ব্ৰহ্মপুত্ৰৰ পাৰত, গুৱাহাটী হাই ক'ৰ্টৰ চিচি কেমেৰাৰ দৃশ্যতো ব্ৰহ্মপুত্ৰৰ দিশে যোৱাৰ দৃশ্য, স্নিফাৰ ডগেও ব্ৰহ্মপুত্ৰৰ পাৰতেই কৰিলে অৱস্থান
ক'ত হেৰাল ৰমেন বৰুৱা? ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে উদ্ধাৰ অভিযান...
ক'ত হেৰাল ৰমেন বৰুৱা? ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে উদ্ধাৰ অভিযান...
Published on
Updated on

ডিজিটেল ডেস্কঃ ক'ত হেৰাল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা? সোমবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হোৱা বৰুৱাৰ এই পৰ্যন্ত নাই কোনো সম্ভেদ। শিল্পীগৰাকীৰ আত্মীয়-স্বজন, গুণমুগ্ধৰ লগতে গুৱাহাটী আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত তেওঁৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিচি কেমেৰাত অন্তিমবাৰৰ বাবে তেওঁৰ দৃশ্য আবদ্ধ হৈছিল। বগা কুৰ্তা-পাইজামা পৰিহিত অৱস্থাৰে গহীন-গম্ভীৰ খোজেৰে তেওঁ যি দিশে আগবাঢ়ি গৈছিল সেই দিশে আছে ব্ৰহ্মপুত্ৰ।

লক্ষ্যণীয়ভাৱে আৰক্ষীয়ে তেওঁৰ মোবাইল ট্ৰেক কৰি ব্ৰহ্মপুত্ৰৰ পাৰতেই অন্তিম লোকেচন ধৰা পেলাইছিল। সেয়ে নদীৰ পাৰত তেওঁৰ সন্ধান চলাই আৰক্ষীয়ে এযোৰ চেণ্ডেলৰ চিনো বিচাৰি পাইছে।

ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ৰমেন বৰুৱাৰ সন্ধান বিচাৰি অভিযান আৰম্ভ অব্যাহত ৰখাৰ সমান্তৰালকৈ নদীৰ বুকুতো ডুবাৰু বাহিনীয়ে তেওঁৰ সন্ধানত অভিযান চলাই আছে। মঙ্গলবাৰে নিশা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বৰুৱাৰ বাসগৃহত উপস্থিত হৈ ভাতৃ তথা শিল্পী দ্বীপেন বৰুৱাৰ সৈতেও কথা বতৰা পাতিছে।

মঙ্গলবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত চলোৱা অভিযানত স্নিফাৰ ডগ গৈ ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থান কৰাত আজি পুৱাৰে পৰা সেই স্থানতে এছ ডি আৰ এফৰ ডুবাৰু বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

অসমৰ সংগীত জগতক জীপাল কৰা এইগৰাকী সংগীত শিল্পীৰ এইদৰে সন্ধানহানী হোৱা বিষয়টোৱে যিদৰে চাঞ্চল্য সৃষ্টি কৰিছিল সিমানেই এতিয়া সময় বাগৰাৰ লগে লগে তেওঁৰ সন্ধান নোলোৱাত উৎকণ্ঠাও বৃদ্ধি পাইছে।

ক'ত হেৰাল ৰমেন বৰুৱা? ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে উদ্ধাৰ অভিযান...
থৌবাল জিলাত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in