ৰামপুৰৰ কৃতি শিক্ষক লক্ষ্মীকান্ত নাথৰ বিয়োগ

ৰামপুৰৰ কৃতি শিক্ষক লক্ষ্মীকান্ত নাথৰ বিয়োগ
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী : দক্ষিণ কামৰূপৰ ৰামপুৰৰ সমীপৰ ভাগৱতীপাৰা নিবাসী তথা কৃতি শিক্ষক লক্ষ্মীকান্ত নাথ আৰু নাই। ৮৬ বছৰ বয়সত সোমবাৰে পুৱা ৯-৩০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত মৃত্যু হয় তেঁওৰ ।

উল্লেখ্য যে লক্ষ্মীকান্ত নাথে ১৯৬৭ চনত সুখ্যাতিৰে এম. এছ. চি. ডিগ্ৰী লাভ কৰি শিক্ষকতাৰে জীৱন আৰম্ভ কৰে ভাগৱতীপাৰা মাধৱদেৱ হাইস্কুলত । পিছত বকো হাইস্কুলৰ পৰা অৱসৰগ্ৰহণ কৰে ।

ইয়াৰ পাছত উপৰহালী শংকৰদেৱ শিশু বিদ্যা নিকেতন, মিৰ্জাৰ অসম জাতীয় বিদ্যালয় , মিৰ্জাৰ নেপা উচ্চ বিদ্যালয় আৰু ৰামপুৰ জাতীয় বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল । তেওঁৰ মৃত্যুত দীপক শৰ্মা, কমল চন্দ্ৰ মেধি, মদন দাস, গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশন,‌ অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদিয়ে গভীৰ শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত পত্নী , পুত্ৰ , দুই কন্যা , জোঁৱাই , নাতি -নাতিনী সহ অনেক গুণমুগ্ধক এৰি থৈ যায় ।

ৰামপুৰৰ কৃতি শিক্ষক লক্ষ্মীকান্ত নাথৰ বিয়োগ
দিল্লীৰ পৰা ভূপেন বৰাই ক'লে- সলনি নহয় APCC ৰ সভাপতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in