ডিজিটেল সংবাদ, নামৰূপঃ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত লংজং গাঁৱৰ জীয়ৰী ঋষিকা মহন্তই এথেন্স অলিম্পিয়াত যোৱা ১০ জুনৰ পৰা অনুষ্ঠিত হোৱা ৬৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় তৰুণ ৰাষ্ট্ৰদূত সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। এই বার্তাই নাহৰকটীয়াৰ লগতে সমগ্ৰ অসম লৈ গৌৰৱ কঢ়িয়াই আনিছে।
বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ৰামানুজন মহাবিদ্যালয়ত এপ্লাইড চাইকল'জী বিভাগত স্নাতক মহলাৰ চতুৰ্থ ষান্মাসিকত অধ্যয়নৰত ঋষিকা মহন্ত। নাহৰকটীয়াৰ প্ৰথমজন সাংবাদিক প্ৰয়াত তিলেন্দ্ৰ নাথ মহন্তৰ নাতিনী ।
ঋষিকা মহন্তই শিক্ষাৰ লগতে বেডমিন্টন খেলত তিনিবাৰকৈ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় বেডমিন্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছিল। ঋত্বিকা কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা গৌতম মহন্ত আৰু মাতৃ মনালিছা মহন্তৰ ডাঙৰ জীয়ৰী। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক অকাদেমিয়ে অনুষ্ঠিত কৰা ৬৩ তম আন্তঃৰাষ্ট্ৰীয় তৰুণ ৰাষ্ট্ৰদূত সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা ঋত্বিকাই এই সন্মিলনৰ অনুসূচী অনুসৰি যোৱা ১০ জুনত অলিম্পিকৰ জন্মভূমি এথেন্সত উপস্থিত হোৱাৰ পিছত ১১ জুন তাৰিখে শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ইয়াৰ পিছত ১৩ জুনৰ পৰা ২০ জুনলৈ অলিম্পিয়াত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক অকাদেমিত আয়োজন কৰা তৰুণ ৰাষ্ট্ৰদূত সন্মিলনত অংশগ্ৰহণ কৰিছে। সন্মিলনৰ সমাপ্তিৰ পিছতেই অহা ২২ জুনত ঋষিকাই ভাৰতলৈ উভতি আহিব। উল্লেখ্য যে ভাৰতবৰ্ষৰ পৰা আন্তঃৰাষ্ট্ৰীয় তৰুণ অলিম্পিক ৰাষ্ট্ৰদূত সন্মিলনলত মাত্ৰ দুগৰাকী তৰুণ-তৰুণীয়ে অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে।
Also Read: ঢকুৱাখনাত বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা...