ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত...

জাইকাই ৰাজপথত খন্দা গাতৰ বাবেই সংঘটিত হ'ল এই দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত...

ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত...

ডিজিটেল ডেস্কঃ পুনৰ মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। অভিজাত শিক্ষানুষ্ঠান ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত নিহত হ'ল এগৰাকী ছাত্ৰী।

হাতীগাওঁস্থিত লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী জ্যেষ্ঠ ভগ্নীৰে স্কুটিত বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা। আনহাতে ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে নিহত প্ৰিয়াৰ জ্যেষ্ঠ ভগ্নীগৰাকী। তেওঁক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। স্থানীয় লোকৰ মতে অতি দ্ৰুত বেগেৰে যোৱা ৰয়েল গ্ল'বেল স্কুলৰ এখন বাছে গণেশমন্দিৰ পাৰ হোৱাৰ পাছতে এম এল এ হোষ্টেলৰ কাষতে সংঘটিত কৰে এই দুৰ্ঘটনা।

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানতে ৰাজপথৰ মাজলৈকে জাইকাই পাইপ মেৰামতিৰ বাবে খান্দি থৈছে এটা প্ৰকাণ্ড গাত। স্থানীয় লোকৰ মতে উন্মুক্ত অৱস্থাত থকা এই গাতটোৰ বাবেই সংঘটিত হ'ল এই দুৰ্ঘটনা।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছখনে। স্থানীয় ৰাইজে ইয়াৰ পাছতে ৰাজপথতে ৰয়েল গ্ল'বেল স্কুলৰ আন আন বাছসমূহ আৱদ্ধ কৰি ৰাখে। ফলত গোটেই পথছোৱাত যানবাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰে।

তাৎপৰ্যপূৰ্ণ ভাৱে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১ ঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষী উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। ৰাইজে আৱদ্ধ কৰি থোৱা স্কুল বাছ কেইখনক যাবলৈ দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে স্থানীয় লোকে আৰক্ষীকক জবাবদিহি কৰে।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাইজে ১০৮ এম্বুলেঞ্চ সেৱাক ফোন কৰি সবিশেষ জনাইছিল যদিও প্ৰায় ৪৫ মিনিট পলমকৈ এম্বুলেঞ্চ গৈ ঘটনাস্থলীত উপস্থিত হয়। যাৰ বাবে স্থানীয় লোকে ৰাজপথৰ মাজতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানতে বগা কাপোৰেৰে নিহত ছাত্ৰী মীনা কুমাৰীৰ মৃতদেহ ঢাকি ৰাখে।

জানিব পৰা মতে পলায়ন কৰা বাছখন বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু চালকজনকো আটক কৰিছে। উল্লেখ্য যে, অত্যাধিক গৰমৰ বাবে কামৰূপ মহানগৰতো সকলো শিক্ষানুষ্ঠান পুৱা ৭-৩০ বজাৰ পৰাই আৰম্ভ হোৱাত ৰাজপথত পুৱা ৭ বজাৰ পৰাই যানবাহনৰ চলাচল অত্যাধিক বৃদ্ধি পাইছে।

কিন্তু ট্ৰেফিক পইণ্টসমূহত এই সময়ছোৱাত যানবাহন নিয়ন্ত্ৰণ কৰিবলৈ নাথাকে কোনো যানবাহান আৰক্ষীৰ লোক। বিশেষকৈ গণেশগুৰিৰ পৰা হাতীগাওঁ চাৰিআলিলৈকে এই গোটেই পথছোৱাত পুৱাৰ এই সময়খিনিত ভয়ংকৰ যানজটৰ সৃষ্টি হয়।

এই সময়খিনিত যদি ৰাজপথত যানবাহন আৰক্ষীয়ে বাহনসমূহ নিয়ন্ত্ৰণ নকৰে অথবা ট্ৰেফিক পইণ্টসমূহত যানবাহনৰ দিক, নিৰ্দেশনা প্ৰদান নকৰে তেনে এনেধেৰণৰ আন বহু ঘটনা যে সংঘটিত হ'ব সেয়া নিশ্চিত।

Also Read: শক্তিশালী ৰূপত অষ্ট্ৰেলিয়া, প্ৰথম দিনা সংগ্ৰহ ৩২৭/৩ ৰান

পথ দুৰ্ঘটনা জাইকা