ডিজিটেল ডেস্কঃ সাধাৰণ মানুহৰ বাবে যেন অসুৰক্ষিত হৈ পৰিছে গুৱাহাটী মহানগৰ। হত্যা, হিংসাই চানি ধৰা মহানগৰীত এতিয়া আৰক্ষীক কেৰেপ নকৰে চোৰ, ডকাইতেও। যাৰ বাবে দিনৰ পোহৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত কৰিবলৈকো কুণ্ঠাবোধ নকৰে।
বৃহস্পতিবাৰে নাৰেংগী তিনিআলিত দিনৰ পোহৰতে সংঘটিত হয় এক ডকাইতি কাণ্ড। জানিব পৰা মতে নাৰেংগীৰ ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ পৰা এগৰাকী মহিলাই ৩.৫ লাখ টকা উলিয়াইছিল।
ইয়াৰ পাছতে তেওঁ টকাখিনি লৈ পাৰ্কিঙত থোৱা তেওঁৰ বাহনখনৰ কাষলৈ খোজেৰে আগবাঢ়ি যায়। এইদৰে টকাখিনি লৈ তেওঁ নিজৰ বাহনখনৰ ওচৰত উপস্থিত হোৱাৰ সময়তে এখন ক'লা ৰঙৰ পালচাৰ বাইকত অহা দুটা দুৰ্বৃত্তই মহিলাগৰাকীক পথৰ ওপৰত পৰি থকা এখন ২০ টকীয়া নোট দেখুৱাই সেইখন তেওঁৰ পৰা পৰি যোৱা বুলি কয়।
মহিলাগৰাকীয়ে পথত পৰি থকা ২০ টকীয়া নোটখন উঠাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁৰ হাতত থকা টকাৰ বেগটো লৈ সেই স্থানৰ পৰা উধাও হয় দুজনীয়া দুৰ্বৃত্তৰ দলটো। এই ঘটনাই এতিয়া নাৰেংগী অঞ্চলত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।
উল্লেখ্য যে, গুৱাহাটী মহানগৰীত এনেধৰণৰ দিন ডকাইতৰ ঘটনা এয়াই নতুন নহয়। ইয়াৰ পূৰ্বেও বহু দিন ডকাইতৰ ঘটনা সংঘটিত হোৱাৰ উপৰিও চিলনী চোৰে সন্ত্ৰাস চলাই আহিছে। তাৰ পাছতো বিনা বাধাই মহানগৰীত এইদৰে চোৰ আৰু ডকাইতৰ দৌৰাত্ম্য অব্যাহত আছে।
Also Read: গান্ধী পৰিয়ালৰ বিৰুদ্ধে কটু মন্তব্য কৰি নিলম্বিত বিপিএফৰ নেতা...