বৰেণ্য পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মা চিকিৎসাধীন...

দল-সংগঠনৰ আশু-আৰোগ্য কামনা
বৰেণ্য পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মা চিকিৎসাধীন...
বৰেণ্য পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মা চিকিৎসাধীন...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ অসমীয়া আৰু ইংৰাজী উভয় ভাষা-সাহিত্যৰ বৰেণ্য পণ্ডিত, দিগগজ চিন্তাবিদ, প্ৰসিদ্ধ সাহিত্যিক, সমালোচক, কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মা (৯৬) সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈ আছে। প্ৰসিদ্ধ সাহিত্যিক সমালোচকগৰাকী অসুস্থ হৈ পৰাত তেওঁৰ গুণমুগ্ধসকলৰ লগতে ভালেমান দল-সংগঠন চিন্তিত হৈ পৰিছে।

তেওঁৰ অতি শীঘ্ৰে আশু-আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। এক বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক 'সাহিত্য কোঁৱৰ' কমল কলিতা, অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰমেন কলিতা, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি,‌অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ‌ সভাপতি ড০ হৰ কুমাৰ নাথ, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষী সিনহা, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ উপ- সভাপতি জ্যোতিষ বৰ্মন, জটীয়া ৰাভা জনজাতি সংঘৰ কাৰ্যকৰী সভাপতি ডিজেন কাকতি, চিন্তাবিদ বাসুদেৱ মালী, হেল্প এইড ফাউণ্ডেছনৰ অধ্যক্ষ অঞ্জুলিনা দেৱ চৌধুৰী, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং", অসম শিশু সাহিত্য সমাজ প্ৰকৃতিয়ে প্ৰথিতযশা পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ অতিশীঘ্ৰে সুস্থ হোৱাৰ কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

বৰেণ্য পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মা চিকিৎসাধীন...
"বটদ্ৰৱা নাগৰিক মঞ্চ"ৰ প্ৰতিবাদী সভাঃ ধিঙৰ ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in