চানমাৰিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা‌ সম্পন্ন

নবীন লিখাৰুক উৎসাহিত কৰি আগুৱাই নিয়াৰ হোতা আছিল উপেন্দ্ৰনাথ শৰ্মা : ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
চানমাৰিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ  স্মৃতিচাৰণ সভা‌ সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী : প্ৰথিতযশা সাহিত্যিক, চিন্তাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ পবিত্ৰ স্মৃতিত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত মহানগৰীৰ চানমাৰিৰ নিৰাময় ভৱন প্ৰাংগনত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। আদিতে ‌উপেন্দ্ৰনাথ শৰ্মাৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ।

ইয়াৰ পিছতে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, সাহিত্যিক পেঞ্চনাৰ কমল কলিতাৰ সঞ্চালনাত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। আকাশবাণী আৰু দূৰদৰ্শনৰ বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতিয়ে পৰিবেশন কৰা এটি কামৰূপী লোকগীতেৰে সভাখনি উদ্ধোধন কৰা হয়।

প্ৰকাশনৰ সচিব তথা সাংবাদিক দীপক শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দাঙি ধৰি কয়- "অতি ওখ খাপৰ সাহিত্যিক,সমালোচক আছিল উপেন্দ্ৰনাথ শৰ্মা । তেওঁৰ জ্ঞানৰ পৰিধি বিশাল আছিল। অসমীয়া আৰু ইংৰাজী দুই ভাষাৰ‌ সাহিত্য পথাৰখনত‌ অবাধ বিচৰণ আছিল ‌। ন-প্ৰজন্মৰ মাজত তেওঁৰ বিশাল সৃষ্টিৰাজি লৈ যাবলৈ অসমৰ সাহিত্য, শিক্ষা, ছাত্ৰ সংগঠনসমূহ‌ আগবাঢ়ি আহিব লাগে।

সভাৰ অতিথি বিশিষ্ট সাহিত্য সমালোচক বিপুল শৰ্মাই কয়- "উপেন্দ্ৰনাথ শৰ্মা চাৰ এজন বিশাল মহাসাগৰত বিচৰণ কৰা মানুহ। বিশ্বৰ উৎকৃষ্ট কবিতা, সাহিত্যৰাজি নখ দৰ্পণত। আমৃত্যু মনত ৰখা শক্তি আছিল অপৰিসীম। অসমীয়া জাতিৰ হকে অনেক কাম‌ কৰিছে।"

বিশিষ্ট সাংবাদিক, সচেতন লেখক মনোজ অগস্তি কয়- "আমৃত্যু অৰ্থাৎ ৯৬ বৰ্ষলৈ চকুত চচমা নোলোৱাকৈ লিখিছিল, পঢ়িছিল। কিতাপ পঢ়া, লিখা -মেলাৰ দৰে অনাবিল আনন্দ এই পৃথিৱীত আৰু একো নাই। মানুহ অহংকাৰী হ'ব‌ নালাগে, এই কথা শিকাই-বুজাই‌ গ'ল উপেন্দ্ৰনাথ শৰ্মা চাৰে।"

আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মন্টু শইকীয়াই কয়- "কটনৰ‌ দ্ৰোণাচাৰ্য আছিল শৰ্মা চাৰ। তেওঁৰ বিশাল ক্ষেত্ৰখনৰ মাজেদি, তেওঁক বিচাৰি পায়। এডাল সু-উচ বট বৃক্ষ। চাৰৰ অসমীয়া সাহিত্যৰ প্ৰতি থকা অবদান অতুলনীয়।"

ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‌কয়- "নবীন লেখক-লেখিকাক বৰ প্ৰেৰণা যোগাইছিল।‌ নবীন লিখাৰুক উৎসাহিত কৰি আগুৱাই নিয়াৰ হোতা আছিল উপেন্দ্ৰনাথ শৰ্মা। সমাজৰ পৰা আঁতৰাই দিব বিচাৰিছিল অপশক্তিক।"

বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা অভিধান প্ৰণেতা দিলস্ লক্ষ্মীন্দ্ৰ সিংহই কয়- "অসমত কবিতাৰ ওপৰত তাত্বিক আৰু মনোগ্ৰাহী সমালোচক শৰ্মা চাৰৰ সমকক্ষ বিচাৰি পোৱা আৰু নাযাব। তেওঁৰ মাৰ্গ দৰ্শন অতুলনীয়।"

অনুষ্ঠানত সদৌ অসম কবি-সাহিত্য‌ চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ, শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, গীতা দেৱী, দিলীপ বৰুৱা‌, শিখাৰাণী‌ শৰ্মা, পূৰবী বৰুৱা, দেৱযানী চৌধুৰী, গোবিন চন্দ্ৰ ডেকা, কবিতা দেৱী, হৰেণ গগৈ, সুভদ্ৰা বৰ্মন শইকীয়া প্ৰভৃতিয়ে অংশ লৈ উপেন্দ্ৰনাথ শৰ্মাৰ বিশাল ব্যক্তিত্ব, কৰ্মৰাজী, সাহিত্য কৃতিৰ‌ ওপৰত আলোকপাত কৰে।‌ সভাত নিকুঞ্জ‌ মেধি, জীৱনী ডেকা, দেৱযানী ৰাজবংশী কামৰূপী লোকগীত, দেহ-বিচাৰৰগীত, ভূপেন হাজৰিকাৰ গীত পৰিৱেশনৰে সভাৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।

চানমাৰিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ  স্মৃতিচাৰণ সভা‌ সম্পন্ন
ৰঙাপৰা-নদুৱাৰ সমষ্টিতো অৰুণোদয় ৩.০ৰ শুভাৰম্ভণী অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in