ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। এগৰাকী যুৱতীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শংকৰজ্যোতি বৰুৱাৰ।
কিছু দিন পূৰ্বে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছিল এগৰাকী যুৱতী। ইয়াৰ পিছতে ন্যায়ালয়ত অগ্ৰিম জামিন আবেদন কৰি শংকৰে অগ্ৰিম জামিন লাভ কৰিছিল যদিও আজি কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদলতে সেই অগ্ৰিম জামিন নাকচ কৰিছে।
ন্যায়লয়ত আজি জামিন আবেদনৰ শুনানিৰ সময়ত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোক ফৰিয়াদী মাখন ফুকনে। উল্লেখ্য যে, এই যুৱতীগৰাকীয়ে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে শংকৰজ্যোতি বৰুৱাই আছুৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল।
Also Read: পদ্মাৰ ইলিছৰ সোৱাদৰ পৰা বঞ্চিত বংগবাসীলৈ পঠিয়াব ৩ হাজাৰ টন ইলিছ