ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিশিষ্ট শিক্ষাবিদগৰাকীৰ সোমবাৰে টুইটযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশিষ্ট সাহিত্যিক, সংগীতজ্ঞগৰাকীক সোৱৰি এক ভিডিঅ শ্বেয়াৰ কৰে। উক্ত ভিডিঅটো শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে-

"বকুলৰ কথা ক'লে বহুতো চিনাকি মুখ

চকুৰ আগেদি ভাঁহি যায়...

বহুতো পাহৰা গান

বহু মান-অভিমান বকুলেই দিয়ে সোঁৱৰায়।

শ্ৰদ্ধাৰ ড° বীৰেন্দ্ৰনাথ দত্তদেৱে কণ্ঠদান কৰি যোৱা গভীৰ অৰ্থপূৰ্ণ গীতবোৰে আমাৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই ৰাখিছে। এগৰাকী শিক্ষাবিদ, লোকসংস্কৃতিৰ গৱেষক তথা সাহিত্যিক হিচাপেও সমাদৃত দত্তদেৱৰ বিয়োগ অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় শূন্যতা। কেঁচামাটিৰ সৈতে সম্পৃক্ত তেখেতৰ অতুলনীয় সৃষ্টিৰাজি প্ৰতিজন অসমীয়াৰ বুকুত সজীৱ হৈ থাকিব।

এই শোকস্তব্ধ মুহূৰ্তত ড° বীৰেন্দ্ৰনাথ দত্তদেৱৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ঔঁ শান্তি।"

ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত বৰ্তমান শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। মহানৱমীৰ পুৱা ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰা দত্তৰ নশ্বৰ দেহ বৰ্তমান ৰখা হৈছে তেওঁৰ বাসগৃহ কল্প-লোকত। বিয়লি ৪ বজালৈ কল্প-লোকতে থাকিব দত্তৰ নশ্বৰ দেহ। তাৰ পাছত নৱগ্ৰহ শ্মশানত গণশিল্পীগৰাকীৰ শেষকৃত সম্পন্ন কৰা হ'ব।

ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
'কল্প-লোক'ত ভিৰ কৰিছে বীৰেন্দ্ৰ নাথ দত্তৰ অজস্ৰ গুণমুগ্ধই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in