ডিজিটেল সংবাদ, গুৱাহাটী: লখিমপুৰৰ শ্ৰী শ্ৰী আদি এলেঙী সত্ৰৰ সত্ৰাধিকাৰ, যোৰহাটৰ মালৌ আলি নিবাসী ধৰ্ম পৰায়ণ ব্যক্তি জগন্নাথ মহন্তৰ আজি সন্ধিয়া ৬-৩০ বজাত তেওঁৰ নিজা বাসভৱনত ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। শেহতীয়াকৈ শ্বাস তন্ত্ৰৰ অসুস্থতাত ভুগি থকা সত্ৰাধিকাৰ গৰাকীক যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছিল যদিও নিজ ঘৰলৈ নিয়াৰ পিছত আজি সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখযোগ্য যে মাজুলী আৰু যোৰহাট সংযোগী এখন দলং নিৰ্মাণৰ বাবে ৩০ বছৰৰ পূৰ্বৰে পৰা ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীলৈ যুক্তি সহকাৰে একাধিক পত্ৰ লিখি একক ভাৱেই আবেদন জনাই আহিছিল আদি এলেঙী সত্ৰৰ সত্ৰীয়া জগন্নাথ মহন্তই। ১৯৩৮ চনত মাজুলীৰ একালৰ পোৰা ভেটি এলেঙী সত্ৰত জন্মলাভ কৰা জগন্নাথ মহন্ত আছিল সত্ৰাধিকাৰ শেষচন্দ্ৰ মহন্ত আৰু ভোগেশ্বৰী মহন্তৰ জ্যেষ্ঠ পুত্ৰ।
মাজুলীৰ কমলাবাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বাণিজ্যৰ স্নাতক ডিগ্ৰী অৰ্জন কৰা মহন্তই যোৰহাটৰ বি টি কলেজৰ পৰাও ডিগ্ৰী লাভ কৰে। গড়কাপ্তানী বিভাগৰ চাকৰিত যোগ দি ৰাজ্যৰ বিভিন্ন স্থানত কাৰ্য নিৰ্বাহ কৰা মহন্তই ডিভিজনেল একাউণ্টেন্ট হিচাপে গুৱাহাটীত অৱসৰ গ্ৰহণ কৰে।
নামে গুণে এগৰাকী নিষ্ঠাবান বৈষ্ণৱ ৰূপে সুপৰিচিত জগন্নাথ মহন্তই শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দুই দশকৰ আগতে এখন গ্ৰন্থও ৰচনা কৰিছিল। ইহসংসাৰত পত্নী, তিনি জন পুত্ৰ, দুগৰাকী জীয়ৰীৰ উপৰিও দুজন ভাতৃ আৰু দুগৰাকী ভগ্নীসহ বহু আত্মীয় স্বজনক এৰি যোৱা জগন্নাথ মহন্তৰ অন্ত্যেষ্টিক্ৰিয়া আজি নিশাতে লখিমপুৰৰ আদি এলেঙী সত্ৰত সম্পন্ন কৰা হ'ব। সত্ৰাধিকাৰ জগন্নাথ মহন্তৰ বিয়োগত তেওঁৰ গুণগ্ৰাহী সমাজত গভীৰ শোকৰ ছাঁ পৰিছে।