ডিজিটেল ডেস্কঃ উৎকট গৰমৰ বাবে ২৪ ছেপ্টেম্বৰ, মঙ্গলবাৰৰ পৰা বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ। আজি এক নিৰ্দেশনাৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰগৰাকীয়ে এই কথা অৱগত কৰিছে।
প্ৰচণ্ড গৰমৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰাৰ বিষয়ে বিদ্যালয়ৰ প্ৰধানসকলে অৱগত কৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি ২৪ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰ পৰ্যন্ত গুৱাহাটী মহানগৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিকৃত, বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে অত্যাধিক গৰমৰ বাবেই ৰাজ্যৰ অন্যান্য জিলাৰ লগেত কামৰূপ মহানগৰ জিলাৰো পাঠদানৰ সময় পুৱা ৭-৩০ বজালৈ আগুৱাই দিয়া হৈছিল। কিন্তু পুৱা সূৰ্যোদয়ৰ লগে লগে অত্যাধিক গৰম পৰাৰ বাবেই বিদ্যালয়ত শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে।
Also Read: স্বাধিকাৰ বিচাৰি দিল্লী কঁপালে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই...