অসম ভ্ৰমণ কৰিব আপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী গোপাল ৰায়ে

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ কৰিব প্ৰস্তুতি, ২০ জুনৰ দিনা শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰিব আপে
অসম ভ্ৰমণ কৰিব আপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী গোপাল ৰায়ে
Published on
Updated on

ডিজিটেল ডেস্ক : আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী গোপাল ৰায়য়ে চাৰিদিনীয়া কাৰ্যসূচী লৈ অহা ২০ জুনত গুৱাহাটীত উপস্থিত হ'বহি। এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে এই কথা জানিবলৈ দিয়ে।

২০২৪ৰ সাধাৰণ নিৰ্বাচন শেষ হোৱাৰ পাছত দলৰ শীৰ্ষ নেতৃত্বই অসমত ২০২৬ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে দৃষ্টি কেন্দ্ৰীভূত কৰিছে । ইয়াৰ অংশ হিচাপে আপৰ জ্যেষ্ঠ নেতাগৰাকী অসমলৈ আহিব।

২০ জুনৰ দুপৰীয়া তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছতে তেওঁ মাছখোৱাস্থিত আই টি এ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত এক দলীয় কৰ্মীসভাত অংশ গ্ৰহণ কৰিব।

সংবাদমেলত উপস্থিত থকা আপৰ ছাত্ৰ সংগঠন ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি কুলিয়ে কয় যে গুৱাহাটীত থকা সময়চোৱাত গোপাল ৰায়ে ছাত্ৰ-যুৱ সংগ্ৰাম সমিতি (CYSS)ৰ উদ্যোগত দেশৰ নিবনুৱা সমস্যা সন্দৰ্ভত হ'বলগীয়া এক আলোচনা সভা (ৰোজগাৰ সংবাদ)তো অংশ গ্ৰহণ কৰিব।

আপ অসমৰ মিডিয়া শাখাৰ তত্ত্বাৱধায়ক হেমন্ত ফুকনে জানিবলৈ দিয়ে যে ৰাভা দিৱসৰ লগত সংগতি ৰাখি আম আদমি পাৰ্টীয়ে আই টি এ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত সেইদিনা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। দুখীয়া-নিছলা, মজদুৰ, শ্ৰমিক, কৃষকক জমিদাৰ-পুঁজিপতিৰ বঞ্চনাৰ পৰা মুক্ত কৰিবলৈ সৈনিক শিল্পীজনে যি বিপ্লৱ আৰম্ভ কৰিছিল, সেই বিপ্লৱ এতিয়াও অন্ত হোৱা নাই।

বিষ্ণুপ্ৰসাদ ৰাভাই আৰম্ভ কৰা এই বিপ্লৱৰ অগনি আম আদমি পাৰ্টীয়ে আগবঢ়াই লৈ যাবলৈ অংগীকাৰবদ্ধ হৈছে। গোপাল ৰায়ে বিষ্ণুপ্ৰসাদ ৰাভালৈ পুষ্পাঞ্জলি অৰ্পণ কৰি আপ-অসমৰ এই বৈপ্লৱিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। সংবাদমেলত আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in