ডিজিটেল ডেস্কঃ ২০০৩চনতে প্ৰতিষ্ঠিত জ্যেষ্ঠ নাগৰিক সন্মিলন,অসমৰ প্ৰতিষ্ঠা দিৱস ১০ এপ্ৰিলত অসমৰ ৩২৮টা বিভিন্ন শাখা সন্মিলনৰ লগতে গুৱাহাটী মহানগৰীৰ বেলতলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাঘৰত অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে মৃদুল কুমাৰ বৰুৱাই।
সভাত অসমৰ প্ৰবীন সাংবাদিক,লেখক,আলোচনা, তথা জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ প্ৰতিষ্ঠা কালৰ অন্যতম খনিকৰ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক শৰাই, ফুলাম গামোচা ,মানপত্ৰ আৰু জাপি আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বৌদ্ধিক নাগৰিকৰ সমাবেশত সম্বৰ্দ্ধনা গ্ৰহন কৰি চক্ৰৱৰ্তীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসংঘই বয়স্ক সকলৰ বাবে প্ৰস্তুত কৰা পাচদফীয়া সূত্ৰৰ প্ৰসংগৰে অসমত জ্যেষ্ঠ নাগৰিক আন্দোলন তথা উত্তৰ চমু ইতিবৃত্ত দাঙি ধৰে।
লগতে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বৰ্তমানৰ প্ৰসাৰতা দেশ আৰু আৰু জাতিৰ বাবে মংগলজনক বুলি উল্লেখ কৰে। চক্ৰৱৰ্তীয়ে ভাষা প্ৰসংগত প্ৰতি গৰাকী জ্যেষ্ঠ নাগৰিকক নিজৰ স্বাস্থ্য অটুত ৰাখি জীৱনত অৰ্জন কৰা জ্ঞান আৰু অভিজ্ঞতা নিজৰ জন্মভূমিৰ বাবে সততাৰে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
ৰাতিপুৱা যথা সময়ত অনুষ্ঠানত উপস্থিত হৈ সাংবাদিকগৰাকীয়ে সন্মিলনৰ পতাকা উত্তোলন কৰে। বেলতলা চৰকাৰ মহিলা গোটে সন্মিলনৰ মনোনীত গীতটো পৰিবেশন কৰে।
সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউন্দে বক্তব্য ৰাখি জ্যেষ্ঠ নাগৰিকৰ বাবে অসম চৰকাৰে গ্ৰহন কৰা বিভিন্ন কল্যাণমূলক কাৰ্যসূচীৰ চমু খতিয়ান দাঙি ধৰে। লগতে অনাগত দিনত জ্যেষ্ঠ নাগৰিকৰ বাবে কৰিবলগীয়া বহুতো কৰণীয় থকা বুলি কয়।
সভাৰ আঁত ধৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাঁকুৰে অসমৰ ইমূৰৰপৰা সিমূৰলৈকে প্ৰথম বাৰৰ বাবে শাখা সন্মিলনৰ উদ্যোগত একলগে একেসময়তে সন্মিলনৰ প্ৰতিষ্ঠা দিৱস পালন কৰাত সদৌটি লৈ ধন্যবাদ জ্ঞাপন কৰে। সভাত সুলেখিকা মালাশ্ৰী লস্কৰ বৰাই, বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভাৰত তামূলীও বক্তব্য ৰাখে।
জ্যেষ্ঠ নাগৰিক ড০ মোক্ষদা প্ৰসাদ বৰঠাকুৰ,সূতপা ভট্টাচাৰ্য আৰু প্ৰতাপ বৰঠাকুৰে পৰিবেশন কৰা অৰ্থৱহ গীতে সমবেত সদৌটিকে সন্তোষিত কৰে। প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচী সফলতাৰে সামৰণি পৰাত সহায় কৰাৰ বাবে সমবেত সদৌটিকে ধন্যবাদ জ্ঞাপন কৰে বেলতলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক জীতেন চৌধুৰীয়ে।
Also Read: পোৰাবঙলাত লোকনিৰ্মাণ বিভাগৰ ভূমিত পকী দোকান নিৰ্মাণ কৰাৰ অভিযোগ