ডিজিটেল ডেস্কঃ ছবি গৃহত সগৌৰৱে চলি থকা চিকাৰ। মুক্তিলাভৰ ৪ দিনতে ১ কোটিৰো অধিক ব্যৱসায় কৰা এই চবিখন পাইৰাচীৰ কৱলত পৰাৰ সন্দেহ কৰা হৈছে। যাৰ বাবে ছবিখনৰ কাষ চাপিছে টিম চিকাৰ।
জানিব পৰা মতে এগৰাকী ইউটিউবাৰে ছবি ঘৰলৈ নোযোৱাকৈয়ে ঘৰতে চিকাৰ ছবিখন চাবলৈ পাব বুলি উল্লেখ কৰিছিলষ ইয়াৰ পিছতেই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি আৰক্ষীৰ কাষ চাপিছে চিকাৰ ছবিৰ পৰিচালক দেৱাংকৰ বৰগোহাইসহ টিম চিকাৰ।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰায়সমূহ ছবিঘৰতে দৰ্শকে চিকাৰ চাবলৈ ভিৰ কৰিছে। তাৰ মাজতেই এইদৰে চিকাৰ ছবিখন ঘৰতেই চোৱাৰ কথা কৈছিল Tech you crash নামৰ ইউটিউব চেনেলটোৱে। যাৰ বাবে এই চেনেলৰগৰাকীৰ বিৰুদ্ধে চাইবাৰ অপৰাধ থানাত গোচৰ ৰুজু কৰিছে।
Also Read: পৰ্যাপ্ত তথ্যৰ অভাৱত ভূমিধৰ বৰ্মনক আক্ৰমণৰ গোচৰত দোষমুক্ত তিনি প্ৰাক্তন আলফা...