জনজাতিকৰণ নোহোৱা পৰ্যন্ত জিলাই জিলাই আন্দোলন গঢ়াৰ হুংকাৰ : প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক সমালোচনা

চৰকাৰৰ অন্তসাৰ আলোচনাৰ প্ৰতি মুঠেও আগ্ৰহী নহয় ছয় জনগোষ্ঠীয় যৌথ মঞ্চ
জনজাতিকৰণ নোহোৱা পৰ্যন্ত জিলাই জিলাই আন্দোলন গঢ়াৰ হুংকাৰ : প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক সমালোচনা
Published on
Updated on

ডিজিটেল ডেস্ক : মৰাণ, মটক, টাই-আহোম,  চুতীয়া, কোঁচ-ৰাজবংশী আৰু আদিবাসী-চাহ জনগোষ্ঠী এই ছয় জনজাতিৰ জনজাতিকৰণ নোহোৱা পৰ্যন্ত জিলাই জিলাই আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসমে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে শুকুৰবাৰে ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসমে দিশপুৰ প্ৰেছ ক্লাৱত কাৰ্যনিৰ্বাহক সভা তথা সংবাদমেলৰ আয়োজন কৰে।

এই সংবাদমেলৰ জৰিয়তে জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা চূড়ান্ত প্ৰতাৰণাৰ সন্দৰ্ভত মঞ্চৰ অংশীদাৰী প্ৰতিটো সংগঠনৰ নেতৃবৃন্দই আলোকপাত কৰি চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে।

সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে চৰকাৰৰ অন্তসাৰ আলোচনাৰ প্ৰতি মুঠেও আগ্ৰহী নহয় ছয় জনগোষ্ঠীয় যৌথ মঞ্চ। বিপৰীতে ত্ৰিপাক্ষিক আলোচনাৰ প্ৰতিহে আগ্ৰহী বুলি উল্লেখ কৰে।

ইয়াৰোপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নিৰবিচ্ছিন্ন তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে লোৱা সিদ্ধান্তৰ বিষয়েও অৱগত কৰে। সিদ্ধান্ত অনুসৰি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ৪ ছেপ্টেম্বৰত প্ৰতিখন জিলাৰ মহকুমা সদৰত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী , অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহৰ কাৰ্যসূচী হাতত লোৱাৰ কথা অৱগত কৰে।

আনহাতে ২৮ ছেপ্টেম্বৰৰ পৰা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কথা স্পষ্ট কৰি দিয়ে মঞ্চই। লক্ষীমপুৰৰ পৰাই গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব ছয় জনগোষ্ঠীয় যৌথ মঞ্চই।

ইয়াৰ পৰৱৰ্তী সময়ত ১৬ অক্টোবৰত তিনিচুকীয়াত,  ৩ অক্টোবৰত বিশ্বনাথত, শিৱসাগৰ। একদৰে ৩০ অক্টোবৰত শ্ৰীৰামপুৰত ধৰ্ণা কাৰ্যসূচী, ১৩ নবেম্বৰত "দিচপুৰ লৈ যাওঁ" শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা জানিবলৈ দিয়ে।

পৰৱৰ্তী সময়ত বৌদ্ধিক আলোচনা চক্ৰ অনুষ্ঠিত কৰি জিলাই জিলাই গণ সমাবেশ অনুষ্ঠিত কৰা হ'ব বুলিও সংবাদমেলত উল্লেখ কৰে।

সংবাদমেলত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে - বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ কোনো সদিচ্ছা নাই। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল ব্যৱহাৰ কৰি আহিছে।

আজিৰ এই সংবাদমেলত কেউইটা জনগোষ্ঠীৰ বিষয়ববীয়া প্ৰমুখ্যে কাৰ্যকৰ্তাসকল উপস্থিত থাকে। তাৰোপৰি মৰাণ যুৱ পৰিষদৰ সভাপতি দিব্যজ্যোতি মৰাণ, আছাৰ সভাপতি, মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি, আক্ৰাছুৰ সভাপতি, মটক ছাত্ৰ সন্থাৰ সভাপতি আৰু টাইপাৰ সভাপতি দিগন্ত তামুলী উপস্থিত থাকে।  

জনজাতিকৰণ নোহোৱা পৰ্যন্ত জিলাই জিলাই আন্দোলন গঢ়াৰ হুংকাৰ : প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক সমালোচনা
বিষাক্ত পাৰ্থেনিয়ামৰ সন্দৰ্ভত ধেমাজিত সজাগতা অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in