Sonapur Eviction: কচুতলীৰ উচ্ছেদ স্থলীত বীৰ লাচিত সেনাৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ...

ট্ৰাইবেল বেল্টৰ ভূমিৰ উচ্ছেদক লৈ কোনো ৰাজনৈতিক দলৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব- শৃংখলা চলিহা
Sonapur Eviction: কচুতলীৰ উচ্ছেদ স্থলীত বীৰ লাচিত সেনাৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ...
Sonapur Eviction: কচুতলীৰ উচ্ছেদ স্থলীত বীৰ লাচিত সেনাৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ সোণাপুৰৰ কচুতলীৰ উচ্ছেদস্থলীত অব্যাহত আছে চেপা উত্তেজনা। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিনিধি দলক উচ্ছেদস্থলীত প্ৰৱেশ কৰাত ট্ৰাইবেল সংঘ আৰু বিভিন্ন দল,সংগঠনে বাধা দিয়ে। অঞ্চলটোত কোনো ৰাজনৈতিক দলকে ভোটৰ অংক কৰিব দিয়া নহ'ব বুলিও হুংকাৰ দিয়ে এই সংগঠনসূহে।

তাৰ মাজতে আজি বীৰ লাচিত সেনা, অসমেও কচুতলী অঞ্চল পৰিদৰ্শন কৰি সংগঠনটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংগঠনটোৰ নেতা শৃংখল চলিহাই ট্ৰাবেল বেল্টৰ ভূমি জনজাতীয় মানুহৰ দখলতেই থাকিব আৰু ইয়াত কোনো বাংলাদেশী থাকিব নোৱাৰিব বুলিও কয়।

যদিহে আৰক্ষীয়ে উচ্ছেদ কৰাত বাধাৰ সন্মুখীন হয় তেন্তে প্ৰত্যেক খিলঞ্জীয়া মানুহৰ হাতত একোটাকৈ AK47 ৰাইফলো তুলি দিয়াৰ দাবী জনালে চলিহাই। তেওঁ আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণো সহ্য কৰা নহ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

চলিহাই কয়, ''ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব। তাতকৈ বেলেগ কথা আৰু একো নাই। ট্ৰাইবেল বেল্টৰ মাটি বাংলাদেশীৰ হাতত থাকিব আৰু অসমৰ জনজাতীয় মানুহ, অসমৰ খিলঞ্জীয়া মানুহ বহি থাকিব তেনেকুৱা কিবা কথা হ'ব পাৰে নেকি?''

তেওঁ কয়, ''ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাততে থাকিব লাগিব আৰু ইয়াক লৈ কোনো ৰাজনৈতিক দলক ভোটৰ স্বাৰ্থত ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। ট্ৰাইবেল মানুহৰ অধিকাৰ সুৰক্ষীত কৰিব লাগিব। আক্ৰমণ হ’লে কিন্তু ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব।''

উচ্ছেদ অভিযানস্থলীলৈ কংগ্ৰছকে ধৰি একাংশ ৰাজনৈতিক দলৰ আগমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চলিহাই পুনৰ কয়, 'সবকে সন্দেহযুক্ত মানুহৰ ভোট লাগে। কিন্তু ডিমৰীয়াৰ জনজাতীয় মানুহৰ সুৰক্ষাৰ কথা কোনটো ৰাজনৈতিক দলৰ মানুহে কৈছে?'

ইফালে কচুতলীত আৰক্ষীৰ গুলীত আহতৰ ফটো সামাজিক মাধ্যমত আপলোড কৰি একাংশই ইয়াৰ বিৰোধিতাৰে বিভিন্ন মন্তব্য কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয়, 'যেতিয়া অসম আৰক্ষীৰ ১৫/১৬ জন মানুহক আক্ৰমণ কৰিছিল, তেতিয়া আপোনালোক ক’ত সোমাই আছিল? অসম আৰক্ষীয়ে বাংলাদেশীৰ হাতত মাৰখাব এয়া হ’ব পাৰে নেকি? আমি তেনেকুৱা হ’বলৈ নিদিও।

তাৰোপৰি কয়, যদি আৰক্ষীয়ে এইসকলক উচ্ছেদ কৰিব নোৱাৰে অসমৰ খিলঞ্জীয়া মানুহ, জনজাতীয় মানুহে উচ্ছেদ কৰিব। ইয়াত তৃতীয়, চতুৰ্থ পক্ষৰ কোনো কথা নাই। যদি ইয়াত উচ্ছেদ কৰিব নোৱাৰে ডিমৰীয়া অঞ্চলৰ প্ৰত্যক জনজাতীয় মানুহৰ হাতত এটা এটা AK৪৭ ৰাইফল দি দিয়ক হিমন্ত বিশ্ব শৰ্মাই।

Sonapur Eviction: কচুতলীৰ উচ্ছেদ স্থলীত বীৰ লাচিত সেনাৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ...
Sonapur Eviction: কচুতলীৰ উচ্ছেদস্থলীত প্ৰৱেশত বাধা কংগ্ৰেছ প্ৰতিনিধি দলক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in