'’গজাই-মনাই’’ ক্ষেত্ৰৰ ৰূপালী জয়ন্তীত শতাধিক মাতৃক বন্দনাৰ কাৰ্যসূচীঃ জয়ন্ত বৰুৱাক নিমন্ত্ৰণ...

’গজাই-মনাই’’ ক্ষেত্ৰৰ ৰূপালী জয়ন্তীত শতাধিক মাতৃক বন্দনাৰ কাৰ্যসূচীঃ জয়ন্ত বৰুৱাক নিমন্ত্ৰণ...
’গজাই-মনাই’’ ক্ষেত্ৰৰ ৰূপালী জয়ন্তীত শতাধিক মাতৃক বন্দনাৰ কাৰ্যসূচীঃ জয়ন্ত বৰুৱাক নিমন্ত্ৰণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ সোণোৱাল কছাৰীসকলৰ আদিগুৰু গজাই-মনাইৰ স্মৃতিত উৎসৰ্গিত বগী নদীৰ ‘’গজাই-মনাই’’ ক্ষেত্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠিত হ'ব অহা ১৮ নৱেম্বৰ তাৰিখে। এই অনুষ্ঠানত ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰকে ধৰি বিভিন্ন জিলাত সিঁচৰতি হৈ থকা সোণোৱাল কছাৰীসকলৰ বিভিন্ন সংগঠনে তেওঁলোকৰ আদিগুৰুক শ্ৰদ্ধাৰে স্মৰণ কৰিব।

সেই উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ ব্যাপক প্ৰস্তুতি চলিছে। উক্ত অনুষ্ঠানতে বিগত ৩২ বছৰে একেৰাহে আৰু এককভাৱে সমাজৰ অবহেলিত মাতৃৰ বন্দনা আৰু তেওঁলোকক সহায় কৰি অহা গোবিন বৰদলৈ নামৰ বিশিষ্ট ব্যক্তিগৰাকীৰ তত্বাৱধানত শতাধিক এনে মাতৃক আনুষ্ঠানিকভাৱে সেৱা জনোৱাৰ কাৰ্যসূচীও ৰখা হৈছে।

উক্ত অনুষ্ঠানত ভাগ ল’বৰ বাবে বৃহস্পতিবাৰে 'সাদিন প্ৰতিদিন' গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক নিমন্ত্ৰণ জনোৱাৰ বাবে চানমাৰিৰ কাৰ্যালয়ত উপস্থিত হৈ জনগোষ্ঠীটোৰ এটি সজাতি দলে আনুষ্ঠানিক পত্ৰ প্ৰদানৰ উপৰি সম্বৰ্ধনাও জ্ঞাপন কৰে। উল্লেখ কৰাৰ প্ৰয়োজন যে, বিশিষ্ট ব্যৱসায়ী গোবিন বৰদলৈ নামৰ লোকজন বিদ্যুতস্পৃষ্ট হৈ শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত এগৰাকী সমাজকৰ্মী।

তেওঁৰ বিশ্বাস মাতৃৰ আশীৰ্বাদৰ বাবেই মৃত্যুৰ দুৱাৰদলিৰ পৰা তেওঁ বাচি আহিবলৈ সক্ষম হৈছিল। আনহাতে সমাজত সন্তানৰ দ্বাৰা অবহেলিত শাৰীৰিক বা আৰ্থিকভাৱেও জুৰুলা মাতৃসকলক তেওঁ নিজ মাতৃ জ্ঞান কৰি বিগত ৩২ টা বছৰে ব্যক্তিগত প্ৰচেষ্টাত সহায়, সহযোগিতা আগবঢ়াই আহিছে। আজি আনসকলৰ লগতে তেখেতেওঁ জয়ন্ত বৰুৱাক সাক্ষাত কৰে।

’গজাই-মনাই’’ ক্ষেত্ৰৰ ৰূপালী জয়ন্তীত শতাধিক মাতৃক বন্দনাৰ কাৰ্যসূচীঃ জয়ন্ত বৰুৱাক নিমন্ত্ৰণ...
ৰাজনাথ সিঙক উভতি ধৰিলে ছোনিয়া গান্ধীয়েঃ ক'লে মিজোৰাম আমাৰ হৃদয়ত আছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in