মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসম গঠন

মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসম গঠন
Published on
Updated on

ডিজিটেল ডেস্কঃ দৰ্শনাচাৰ্য, ভাগৱতাচাৰ্য মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শনৰ সম্পৰ্কে আলোচনাচক্ৰ। দেওবাৰে গুৱাহাটীস্থিত দিশপুৰ প্ৰেছ ক্লাবত এই আলোচনাচক্ৰখনিৰ আয়োজন কৰা হয়।

ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট পণ্ডিত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সঞ্চালনা কৰা অনুষ্ঠানটিত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা চিন্তাবিদ অঞ্জন শৰ্মাই। অনুষ্ঠানত মুখ্য আলোচকৰ ভাষণত শৰ্মাই কয় যে,"মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে ভক্তি আন্দোলনৰ যোগেদি মানৱৰ অন্তৰৰ পৰা সংকীৰ্ণতা আঁতৰাই ঈশ্বৰমুখী কৰিছিল।

শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মত জাতি-কুলৰ কোনো বাচ-বিচাৰ নাছিল । ভক্তিভাৱেৰে ভগৱন্তক ভজন কৰিলেহে সৰ্বসংকট, সৰ্ববিপদ-বিঘিনিৰ পৰা ৰক্ষা পাব পাৰি । মানুহৰ মানসিক শক্তি শক্তিশালী কৰিবলৈ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই দেখাই যোৱা প্ৰণালীবদ্ধ জ্ঞান সৰ্বোত্তম, সৰ্বোৎকৃষ্ট ।"

আনহাতে, সভাৰ আদিতে এটি গোৱালপৰীয়া লোকগীত পৰিবেশন কৰে মমা গুপ্তাই । কবি দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত গোৱালপাৰাৰ দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড০ হৰ কুমাৰ নাথে অংশ লৈ কয় "মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ চিন্তা-দৰ্শন আছিল বিশ্বজনীন । বিপথগামী মানুহক সৎপথে ঘূৰাই আনিব পৰা চেতনা জাগ্ৰত কৰিব পৰা তেওঁৰ ৰচনাৰাজিত প্ৰকাশ পাইছিল ।"

পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ আইনজীৱী ড০ ৰোমান শৰ্মাই কয় "মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ সংকীৰ্ণ মনৰ নাছিল । বৰ উদাৰ দৃষ্টিভংগীৰ অধিকাৰী আছিল । তেওঁ প্ৰচাৰ বিমুখ আছিল ।"

অসমৰ ভিন-ভিন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ সমাজকৰ্মী তথা উদ্যোগপতি বিমল আগৰৱালা, লেখক শৈলেন তালুকদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অঞ্জুলিনা দেৱ চৌধুৰী, তাৰিণী কান্ত গোস্বামী, সাহিত্যিক নীলকান্ত নাথ, পশুপালন আৰু পশু চিকিৎসা বিষয়া ডা: বিজুজ জাহান চালেহা বেগম, সুনীতা চৌধুৰী, অমূল্য ঠাকুৰীয়া, ৰমেশ চন্দ্ৰ তালুকদাৰ, সন্তোষ মেধি,নিশা দাস, থানেশ্বৰ দাস, গীতাঞ্জলি দাস প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰি মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই দেখাই যোৱা পথ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ-প্ৰসাৰ কৰিলে এক নতুনত্বৰ জোঁৱাৰ আহিব বুলি আশাবাদী ।

সভাই সৰ্বসন্মতি ক্ৰমে "মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসম" নামেৰে এটি অনুষ্ঠান গঠন কৰা হয় । প্ৰাক্তন উপাচাৰ্য ড০ দীপক কুমাৰ শৰ্মা, অঞ্জন শৰ্মাক উপদেষ্টা, ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক সভাপতি, ড০ হৰ কুমাৰ নাথ, ড০ ৰোমান শৰ্মাক উপ-সভাপতি, দীপক শৰ্মাক প্ৰধান সচিব, অঞ্জুলিনা দেৱচৌধুৰী, মনোমোহন মেধিক সহকাৰী সচিব, ৰমেশ চন্দ্ৰ তালুকদাৰক কোষাধ্যক্ষ, শচীন দাসক পত্ৰিকা সম্পাদক, তাৰিণীকান্ত গোস্বামী, প্ৰভাত চন্দ্ৰ মেধিক সাংগঠনিক সম্পাদক, মীনাক্ষী সিনহাক বিত্ত সম্পাদক হিচাপে লৈ এখনি ২১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।

সভাতে গ্ৰহণ কৰা এক প্ৰস্তাবযোগে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত অসম চৰকাৰে ১৯৮৮ চনলৈ বন্ধ ঘোষণা কৰিছিল, কিন্তু চৰকাৰ সলনি হোৱাৰ পিছত, তেতিয়াৰ পৰা আজিকোপতি এইজনা গুৰুৰ পবিত্ৰ তিথি দুটিত বন্ধ নাই ।

সেয়েহে, অসম চৰকাৰে গুৰুজনাৰ দুয়োটা পবিত্ৰ তিথি দুটিত বন্ধ ঘোষণা কৰিব লাগে, কিয়নো অসমত বৰ্তমান গুৰুজনাৰ প্ৰায় ৪০ লাখৰো অধিক শিষ্য আছে । আনহাতে, তৃতীয়-চতুৰ্থ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ( চৰকাৰী- বেচৰকাৰীসকলোতে অসমীয়া-ইংৰাজী উভয় মাধ্যমতে ) মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-চয়ন প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰে ।

অনুষ্ঠানটিৰ নৱ নিৰ্বাচিত সচিব প্ৰধানে জানিবলৈ দিয়ে যে, অনুষ্ঠানটিৰ পৰা অচিৰেই ৰাজ্যৰ ভিন-ভিন প্ৰান্তৰ শিক্ষানুষ্ঠানত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ তত্বগত দৰ্শন, জ্ঞান মাৰ্গৰ সন্দৰ্ভত এলানি অনুষ্ঠান অনুষ্ঠিত কৰিব আৰু ইয়াত সকলোৰে সহযোগিতা কামনা কৰে সচিবগৰাকীয়ে ।

মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসম গঠন
ভাৰতীয় খাদ্যৰ সোৱাদ ল'লে বিশ্ব বিখ্যাত মনালিছাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in